মৰিগাঁও নিজ কপাহেৰাত চাওলুং চুকাফা দিৱস সম্পন্ন

মৰিগাঁও জিলাৰ নিজ কপাহেৰাত দুদিনীয়াকৈ চুকাফা দিৱস পালন কৰা হয়। অসম আৰু অসমীয়া জাতি গঠনৰ পুৰুধা পুৰুষ চাওলুং চুকাফাৰ ত্যাগ আৰু বীৰত্বক সুৱঁৰি যোৱা ৩০, ৩১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰা হয়। এয়েলৈ প্ৰথম দিনা সন্ধিয়া ৬ বজাত ফী মুঙ পূজা কৰা হয় মহন বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ দ্বাৰা। দ্বিতীয় দিনা পূৱা  ৯ বজাত পতাকা উত্তোলন কৰে জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে। ১০ বজাত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পন কৰে জিলা টাইপাৰ সভাপতি দিব্যজ্যোতি সন্দিকৈয়ে। ১১ বজাত সমূহীয়া প্ৰাথনা সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে ১১,৩০ বজাত পৰিচালনা সমিতিৰ সভাপতিৰ ঠগীত চন্দ্ৰ বৰদলৈৰ সঞ্চালনত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত কেন্দ্ৰীয় টাইপা সমিতিৰ সভাপতি দিলীপ গগৈ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। জিলা আৰক্ষী অধীক্ষক নন্দসিঙ বৰকলা উপস্থিত থাকি অসমীয়া জাতীয় জীৱনত চুকাফাৰ অৱদান সম্পৰ্কে কয়।ধন্তি বৰুৱাই উদ্বোধনী ভাষণ দি উপস্থিত সমূহ অতিথিকেঅসমীয়া জাতিৰ বাবে চাওলুং চুকাফাৰ এই দিৱসৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।সভাত অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষ সকলৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও 

Related Articles