Breaking

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য চাপানালাৰ চম্পাৱতী জলপ্ৰপাত, আজি মহাকুণ্ডমেলালৈ আগমন ঘটিব হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ…

0 52

নগাঁও চহৰৰ পৰা প্ৰায় ৩০ কি: মি: নিলগৰ দক্ষিণ-পূব কোণত অৱস্থিত সেউজ সুন্দৰ চাপানালা অঞ্চল। ইয়াৰ চতুৰ্দিশে অপৰূপ সৌন্দৰ্যৰ আকাৰ চিৰসেউজ চাহ বাগিচাসমূহেও চাপানালাক অধিক জেউতি চৰাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰাশিৰে ভৰপূৰ এনেহেন চাহ বাগিচাৰ মাজে মাজে চাপানালা গড়কাপ্তানি পথ (লোকনিৰ্মাণ বিভাগ) ৰ পৰা দক্ষিণ-পশ্চিম দিশে কিছুদূৰ গ’লেই পোৱা যায় চাপানালা আৰু গোবৰ পাহাৰ। এই পাহাৰতে অৱস্থিত ইতিহাসপ্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাত। এই মনোৰম জলপ্ৰপাতৰ নৈসৰ্গিক শোভা পান কৰাৰ লগতে জনশ্ৰুতি অনুসৰি সৰস্বতী পূজাৰ পিছদিনা অনুষ্ঠিত হয় মহাকুণ্ডমেলা।

প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰধানকৈ ১৫ ফেব্ৰুৱাৰীৰ দিনা উদ্যোক্তা সকলে ধর্মীয় ৰীতি-নীতি ৰক্ষা কৰি কিছু কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিব পৰা গৈছে। যি নহওক, সমতলৰ পৰা থিয় পাহাৰীয়া লুংলুঙীয়া পথেৰে প্ৰায় ডেৰ কিলোমিটাৰ অতিক্ৰম কৰিলেই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি চম্পাৱতী জলপ্ৰপাত পোৱা যায়। নগাঁও চহৰৰ পৰা পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ পুৰণিগুদামৰ গড়মূৰৰ পৰা চলচলি হৈ চাপানালা পথেৰে (গড়মূৰৰ পৰা প্ৰায় চৈধ্য কিঃমিঃ) অতিক্ৰম কৰিলেই পোৱা যায় প্ৰকৃতিৰ ৰম্যভূমি এই চম্পাৱতী জলপ্ৰপাত। এই জলপ্ৰপাত প্ৰথম কুণ্ড, মধ্যম কুণ্ড, তল কুণ্ড নামেৰে তিনিটা স্তৰত বিভক্ত। পাহাৰৰ মাজে- মাজে শিলৰ ফাঁকে- ফাঁকে কুলু- কুলু শব্দৰে অপূৰ্ব জলতৰংগ নামি আহি সৃষ্টি হৈছে প্ৰথম বা ওপৰ কুণ্ডৰ। প্ৰথম কুণ্ডৰ পৰা প্ৰায় ত্ৰিশ মিটাৰ দূৰত প্ৰায় সত্তৰ মিটাৰ তলেৰে পানী বাগৰি সৃষ্টি হৈছে দ্বিতীয় বা মধ্যম কুণ্ড। মধ্যম কুণ্ডৰ পৰা প্ৰায় ৪৫ মিটাৰ আগলৈ গ’লেই দেখিবলৈ পোৱা যায় শেষ বা তল কুণ্ড অৰ্থাৎ প্ৰধান জলপ্ৰপাত। অপূৰ্ব শব্দৰে, মনোৰম দৃশ্যৰে পানী বাগৰি সৃষ্টি হৈছে এই তল কুণ্ড বা মূল জলপ্ৰপাত। তল কুণ্ডৰ পানী কিমান তললৈ পৰিছে তাক ঠাৱৰ কৰাটো কঠিন। উল্লেখযোগ্য যে, প্ৰথম কুণ্ডৰ পৰা কোনোধৰণৰ পদপথ নথকাত লতা বগাইহে অশেষ কষ্ট কৰি মধ্যম আৰু তল কুণ্ডলৈ যাব লাগে।কথিত আছে যে, মাঘ মাহৰ শুক্লা সপ্তমী তিথিত এই জলপ্ৰপাতত স্নান কৰিলে পুণ্য হয়। সেইবাবেই প্ৰতি বছৰে মাঘ মাহত সৰস্বতী পূজাৰ পিছদিনা উক্ত জলপ্ৰপাতত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তৰ সমাবেশ ঘটে। ঘৰৰ পৰা আহিব নোৱাৰা লোকৰ বাবে বটল বা তেনেধৰণৰ পাত্ৰত জলপ্ৰপাতৰ পানী নি দিয়াটোও পুণ্য অৰ্জনৰ কাম বুলি জনবিশ্বাস চলি আহিছে। কিম্বদন্তী অনুসৰি, মহাভাৰতত বৰ্ণিত হংসধ্বজ ৰজাৰ কণ্যা চম্পাৱতীয়ে প্ৰতি বছৰে মাঘ মাহৰ শুক্লা সপ্তমী তিথিত শিৱ আৰাধনা হেতু উক্ত জলপ্ৰপাতত স্নান কৰি শিৱৰ বৰ লাভ কৰি পুণ্য অৰ্জন কৰিছিল। সেইবাবেই এই জলপ্ৰপাতৰ নাম চম্পাৱতী হয় বুলি জনা যায় । মেঘালয়ৰ বিডন বিচপ জলপ্ৰপাততকৈও বৃহৎ এই চম্পাৱতী জলপ্ৰপাতলৈ পৰ্যটকৰ আকৰ্ষণৰ হেতু পলমকৈ হ’লেও বৰ্তমানৰ চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সি ফলৱতী হৈ উঠা নাই। উদাহৰণস্বৰূপে, জলপ্ৰপাতটিলৈ জনসাধাৰণৰ অহা-যোৱাৰ সুবিধা হোৱাকৈ গড়মূৰ চলচলি-চাপানালা পথটি পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও কিছু অংশৰ কাম এতিয়াও নোহোৱাত পথছোৱাত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত যথেষ্ট আহুকালৰ সৃষ্টি হৈ আহিছে। আনহাতে, জলপ্ৰপাতটিলৈ সমতলৰ পৰা ওপৰলৈ উঠি যোৱা পাহাৰীয়া লুংলুঙীয়া পথটিত জনসাধাৰণৰ সুবিধাৰ্থে খটখটি নিৰ্মাণ অথবা পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইয়াৰ উপৰি জলপ্ৰপাতটিৰ প্ৰথম কুণ্ডৰ পৰা মধ্যম আৰু তল কুণ্ডলৈ যাবলৈ লতা বগাই যাব লগা শংকাকুল পৰিবেশ দূৰ কৰি খটখটি নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা নাই। যি কি নহওক বৰ্তমানৰ চৰকাৰখনে অসমৰ এনে এক অমূল্য সম্পদৰ সুৰক্ষাৰ ব্যৱস্থা কৰি সমতলৰ পৰা জলপ্ৰপাতটিলৈ উঠি যোৱা পাহাৰীয়া পথটিত পকী খটখটিৰ ব্যৱস্থা কৰাৰ লগতে জলপ্ৰপাতটিৰ প্ৰথম কুণ্ডৰ পৰা মধ্যম তথা তল কুণ্ডলৈ সুকলমে যাব পৰাকৈ পকী খটখটি অথবা আধুনিক কাৰু-কাৰ্য্যৰ ব্যৱস্থা কৰি, পৰ্যটক নিবাস, যাত্ৰীৰ জিৰণি ঘৰ আদিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণৰ লগতে বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনসাধাৰণে আশাৰে অপেক্ষা কৰিছে। সেয়া যিয়েই নহওঁক, পূৰ্বৰ দৰে এইবাৰো যে মহাকুণ্ডমেলালৈ অসম তথা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ আগমন হ’ব সেয়া ধ্ৰুৰূপ।

Leave A Reply