Breaking

উত্তৰ পূব মন্ডলত চেম্পিয়ন তাজমিনা…

0 1,068

ভাৰতীয় অডিত এন্ড‌ একাউন্টৈত জেনেৰেলৰ উদ্যোগত গুৱাহাটীৰ বেলতলাস্থিত অডিত এন্ড একাউন্টছ ( প্ৰধান মহাগানণিক ) কাৰ্যালয় প্ৰাংগণত নিশা সামৰণি পৰা তেওঁলোকৰ দুদিনীয়া বিভাগীয় উত্তৰ পূৱ মণ্ডল কেৰম প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত নগাঁৱৰ জীৱৰী তাজমিনা ছুলতানাই চেম্পিয়ন খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ঘৰুৱা অসমৰ উপৰি বিভাগটোৰ মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ ফাইনেল খেলত তাজমিনাই মেঘালয়ৰ ওৱামৰি স্বোৱেৰক ২৪-১২, ২২-১২ আৰু ২৪-১৭ শ্বেটত পৰাস্ত কৰে।

ইয়াৰ আগতে ছেমিফাইনেলত মেঘালয়ৰে মেৰীক ২৫-১০, ১৭-১৬ শ্বেটত পৰাস্ত কৰি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছিল। খেলৰ অন্তত তেওঁক ট্ৰফী সহ মানপত্ৰ প্ৰদান কৰে একাউন্টছৰ মহাগানণিক গুলজাৰী লালে। তেওঁৰ এই উৎসাহজনক খবৰত নগাঁৱৰ ক্ৰীড়া মহলতো আনন্দৰ জোঁৱাৰ উঠিছে।

Leave A Reply