প্ৰথমে খবৰ ওলাইছিল যে চেম্পিয়নছ ট্ৰফী মাত্ৰ ১৯ দিনীয়া প্ৰতিযোগিতা, গতিকে ক্ৰিকেটাৰসকলৰ লগত পৰিয়ালৰ কোনো সদস্যই যাব নোৱাৰিব। ভাৰতীয় ক্রিকেটাৰৰ পৰিয়ালক লৈ জাৰি কৰা নিয়মত কিছু শিথিলতা ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ।(Champions Trophy)
ডুবাইত থকা ক্ৰিকেটাৰসকলক সাক্ষাৎ কৰিব পাৰিব পৰিয়ালসমূহে। চেম্পিয়নছ ট্রফী উপভোগ কৰিব পাৰিব ভাৰতীয় খেলুৱৈৰ পত্নী তথা পৰিয়ালে ডুবাইত চেম্পিয়নছ ট্রফী উপভোগ কৰাৰ অনুমতি প্রদান BCCIৰ। কিন্তু আছে এটা চৰ্ত।
২০ ফেব্ৰুৱাৰীত ডুবাইত বাংলাদেশৰ বিৰুদ্ধে খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীৰ আৰম্ভণি কৰিব। ভাৰতে ফাইনেলত প্ৰৱেশ কৰিলেও এই প্ৰতিযোগিতা তিনি সপ্তাহতকৈ বেছি দিন নহ’ব। ব’ৰ্ডৰ গাইডলাইনত উল্লেখ আছে যে যদি ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বিদেশ ভ্ৰমণ হয়, তেন্তে পৰিয়ালটোৱে দুসপ্তাহ ক্ৰিকেটাৰৰ লগত থাকিব পাৰিব। এই ক্ষেত্ৰত যিহেতু প্ৰতিযোগিতাৰ দিনবোৰ অতি কম, সেয়েহে ক্ৰিকেটাৰসকলে নিজৰ পৰিয়ালক লগত লৈ যাব নোৱাৰিব বুলি ব’ৰ্ডে উল্লেখ কৰিছিল। সেই সিদ্ধান্ত সলনি হ’ল।
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ নিৰ্দেশনাৰ সত্ত্বেও এজন জ্যেষ্ঠ ক্ৰিকেটাৰে নিজৰ পৰিয়ালক লগত লৈ যাবলৈ অনুমতি লাভ কৰিবলৈ আৱেদন কৰিছিল, যিটো ব’ৰ্ডে নাকচ কৰিছিল। এইবাৰ বিচিচিআইয়ে ঘোষণা কৰিছে যে ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ লোকে এখন খেলৰ বাবে ডুবাইলৈ যাব পাৰিব। অৱশ্যে কোনখন মেচত অংশগ্ৰহণ কৰিব ক্ৰিকেটাৰসকলে সিদ্ধান্ত ল’ব। ক্ৰিকেটাৰসকলে লিখিতভাৱে ব’ৰ্ডক অৱগত কৰিব লাগিব কোন পৰিয়ালৰ সদস্য কোনখন খেলৰ বাবে ডুবাইলৈ যাব। ইয়াৰ পিছত ব’ৰ্ডে অনুমতি দিব।
চেম্পিয়নছ ট্ৰফীৰ আয়োজক পাকিস্তান। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ভাৰতীয় দলটো পাকিস্তানলৈ নাযায়। ডুবাইত সকলো খেল খেলিব ৰোহিত শৰ্মাই। ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল অনুষ্ঠিত হ’ব। ইয়াৰ পিছত ৰোহিতে পৰৱৰ্তী গ্ৰুপ মেচ পাকিস্তান (২৩ ফেব্ৰুৱাৰী) আৰু নিউজিলেণ্ড (২ মাৰ্চ)ৰ বিৰুদ্ধে খেলিব। যদি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে তেন্তে ৪ মাৰ্চত খেলিব। ৯ মাৰ্চত অনুষ্ঠিত হ’ব ফাইনেল। এই যিকোনো মেচতে ক্ৰিকেটাৰসকলৰ লগত পৰিয়াল থাকিব।