Chanakya Niti: ঘৰত কেতিয়াও টকাৰ অভাৱ নহ’ব, যদিহে মানে চাণক্যৰ এই ৫ টা নিয়ম !

জীৱনত ধনী হ’বলৈ (Chanakya Niti)নিবিচৰা মানুহ প্ৰায়েই নাথাকিব। কিন্তু ধনী হোৱাটো সকলোৰে ভাগ্য নহয়। ধনী হ’বলৈ কঠোৰ পৰিশ্ৰমৰ লগতে ভাগ্যও লাগিব। যদি আপুনিও ধনী হ’ব বিচাৰে তেন্তে এই লেখাটো ভালদৰে পঢ়ক। আজি আমি আচাৰ্য চাণক্যৰ পাঁচটা নীতিৰ বিষয়ে কম। চাণক্যৰ সেই নীতিসমূহৰ বিষয়ে জানি লওক-

চাণক্যৰ মতে যদি আপুনি চিৰদিনৰ বাবে ধনী হ’ব বিচাৰে তেন্তে সদায় সৎভাৱে ধন উপাৰ্জন কৰক। ভুল উপায়েৰে উপাৰ্জন কৰা ধন বেছি দিন নাথাকে। এদিন পানীৰ দৰে বৈ যাব। এনে সময়ত কেৱল সততাৰে উপাৰ্জন কৰা ধনহে কামত আহে।

ধনী হ’বলৈ হ’লে প্ৰথমে কেনেকৈ উপাৰ্জন কৰিব সেইটো নিৰ্ণয় কৰিব লাগিব। ইয়াৰ পিছত লক্ষ্যত উপনীত হ’বলৈ এক সুনিৰ্দিষ্ট পৰিকল্পনা কৰক। পৰিকল্পনা বনোৱাৰ পিছত দৃঢ়ভাৱে কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰক। অলপ সময়ৰ ভিতৰতে সফলতাৰ শীৰ্ষত উপনীত হ’ব আপুনি।

চাণক্যই কৈছে যে আপুনি যি ধন উপাৰ্জন কৰিব, সেয়া সদায় আপোনাৰ অধিকাৰক্ষেত্ৰত থাকিব লাগে। আনৰ হাতত ৰখা ধন কেতিয়াও উপযোগী নহয়।

চাণক্যৰ মতে জীৱনত সমৃদ্ধি অৰ্জন কৰিবলৈ এজন ব্যক্তিয়ে কৰ্মসংস্থাপনৰ সুবিধা থকা ঠাইত নিজৰ ঘৰ সাজিব লাগে। জীৱিকা উপাৰ্জনৰ কোনো সম্ভাৱনা নথকা ঠাই এৰি যাব লাগে, নহলে সদায় দৰিদ্ৰতাৰ সন্মুখীন হ’ব লাগিব।

অপ্ৰয়োজনীয় কামত খৰচ কৰাৰ পৰা বিৰত থাকক-

চাণক্যৰ মতে টকা উপাৰ্জনৰ পিছত বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগে। যদি আপুনি সেই ধন অসাৰ কামত অপচয় কৰে তেন্তে ভৱিষ্যতে আপুনি অনুশোচনাত ভুগিব। গতিকে সেই ধন সঠিক কামত খৰচ কৰিবলৈ চেষ্টা কৰক।

Related Articles