Breaking

‘চন্দ্ৰাৱলী’ নৱ প্ৰজন্মৰ যুগ সাপেক্ষ অসমীয়া ছবি

0 2,187

প্ৰেম বিচ্ছেদৰ বাবে নহয়, সংঘাত আঁতৰাই সম্বন্ধ প্ৰতিষ্ঠাৰ বাবে। পিতৃৰ অতীতৰ কু-কৰ্ম, বৰ্তমানৰ সমাজ বিৰোধী ব্যৱসায়ৰ বিৰোধ, শিক্ষাৰ মান আগুৱাই নিয়া, শৈক্ষিক প্ৰতিষ্ঠানত ৰেগিঙক সবল প্ৰত্যাহ্বান জনোৱা, মনে মিলা সকলো জুতিৰ মিলনত সফলতা, দুষ্টৰ পতন ঘটা কাহিনীৰে সমৃদ্ধ অসমীয়া ছবি ‘চন্দ্ৰাৱলী’ নিৰ্মাণ হয়। মনোমোহা স্থানত চিত্ৰগ্ৰহণ কৰা ছবিখনৰ গীত, হতাহতি, ৰোমান্স আৰু মিলনে নৱ প্ৰজন্মক আকৰ্ষণ কৰিব। কাহিনীয়ে জ্যেষ্ঠসকলকো সন্তুষ্ট কৰাৰ থল আছে। কৰ’না কালৰ বিধি মানি নিৰ্মিত আৰু এই বিধি কিছু শিথিল হোৱা সময়ত মুক্তি পোৱা চন্দ্ৰাৱলীৰ পৰিচালনা বলিন শৰ্মাৰ। মুখ্য সহকাৰী পৰিচালক পবিত্ৰ খাউণ্ড আৰু মৃণাল ডেকা। সহকাৰী পৰিচালক প্ৰাঞ্জুপ্ৰিন্স কলিতা আৰু কল্লোল বনিয়া। এ বি ফিল্ম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা সহযোগী শেৱালী শৰ্মা, মালামণি গোস্বামী আৰু লীনা শৰ্মা। প্ৰযোজনা নিয়ন্ত্ৰক নৱ প্ৰজন্মৰ চঞ্চলজ্যোতি বৰদলৈ আৰু শশাংক শেখৰ শৰ্মা। অভিনয়ত আছে দেৱজিৎ মজুমদাৰ, দিগন্ত বৰুৱা (ৰণ্টু), নায়িকা অমৃতা গগৈ, ৰাজীৱ গোস্বামী, পল ফুকন, মনীষা ৰাগিণী, জুৰি শৰ্মা, ৰাতুল শৰ্মা, অতনু কাশ্যপ, পবিত্ৰ বৰুৱা, জেতবন বৰুৱা, ৰাজ ভৈৰৱ, আলোক বৰুৱা, গোলেশ্বৰ বৰাকে ধৰি বহু ন-পুৰণি শিল্পী। জ্যোতি চিত্ৰবনত প্ৰাথমিক প্ৰদৰ্শনৰ পাছত যোৰহাট থিয়েটাৰত বিশেষ প্ৰদৰ্শন কৰে। অসমীয়া চিনেমালৈ সুদিন ঘূৰি অহাৰ উমান দিয়ে।

Leave A Reply