বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিব চন্দ্ৰযান -৩য়ে, ফেচবুক পোনপটীয়াকৈ সম্প্ৰচাৰ কৰিব ইছৰোই…


সপোন পূৰণৰ দিশে অগ্ৰসৰ হৈছে ভাৰত। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰত ইতিহাস ৰচিবলৈ অগ্ৰসৰ হৈছে। যদি সকলো ঠিকে থাকে ভাৰতৰ চন্দ্ৰযান-৩-এ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।বুধবাৰৰ দিনটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) বাবে এক অগ্নি পৰীক্ষাৰ দিন । চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ চন্দ্ৰৰ নিচেই ওচৰ চাপি গৈছে। ইছৰোৱে দেওবাৰে দুপৰীয়া ২.১২ বজাত টুইট কৰিছিল যে ভাৰতীয় মহাকাশযানখনে বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰত অৱতৰণ কৰিব। ইছৰো ৱেবছাইট (isro.gov.in), ফেচবুক (facebook.com/ISRO), ইউটিউব (youtube.com/watch?v=DLA_64yz8Ss…)ত চন্দ্ৰযান৩ ৰ অৱতৰণ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব। মাজত মাত্ৰ দুদিন। তাৰ পিছত সেই বিৰল মুহূৰ্তটো আহিব । ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ সফল হোৱা নাছিল। চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ সময়তে চন্দ্ৰযান দুই ভাগি পৰিছিল।

২০১৯ ৰ সেই ‘তিক্ত’ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতে এইবাৰ অতি সাৱধানে চন্দ্ৰত ভৰি থোৱাৰ পৰিকল্পনা কৰিছে। লেণ্ডাৰ ‘বিক্ৰমে’ লাহে লাহে চন্দ্ৰৰ পিনে আগুৱাই গৈছে। মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত ভাৰতীয় মহাকাশযানখনৰ গতি মন্থৰ হৈ পৰিছে। দেওবাৰে দ্বিতীয় পৰ্যায়ত গতি হ্ৰাস কৰা হৈছে। ভাৰতীয় চন্দ্ৰযানখনে চৰাইৰ দৰে চন্দ্ৰপৃষ্ঠত লাহেকৈ অৱতৰণ কৰিব। ইয়াক ‘চফ্ট লেণ্ডিং’ বুলি কোৱা হয়। যিকোনো মহাকাশযানৰ বাবে প্ৰত্যাহ্বান হ’ল চন্দ্ৰৰ দক্ষিণ মেৰুত এই ‘চফ্ট লেণ্ডিং’ কৰা। ৰাছিয়াৰ যানখনে তেনে কৰিবলৈ ব্যৰ্থ হৈছিল। পাঁচ বছৰ আগতে ভাৰতো বিফল হৈছিল। বুধবাৰে ভাৰতৰ চন্দ্ৰযানে সেই লক্ষ্য পূৰণ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে। উস্সেখ্য কালি চন্দ্ৰ পৃষ্ঠত ৰাছিয়াৰ লুনা ২৫ যান খন ধ্বংসপ্ৰাপ্ত হৈছিল।

Related Articles