চাপৰ, ১৪ মে’২০২৫: Chapar । চাপৰ মহকুমাৰ অন্তৰ্গত পুঠিমাৰীত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ পিচত সৃষ্টি হৈছে উত্তেজনাপূর্ণ পৰিস্থিতি। নায়েৰআলগা-টিলাপাৰা জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীয়ে নিজৰ সমৰ্থকসকলক লৈ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিবলৈ আহোতেই দুটা ফৈদৰ মাজত সংঘটিত হয় হিংসাত্মক সংঘর্ষ।
জানিব পৰা মতে, পুঠিমাৰী পঞ্চায়তৰ আঞ্চলিক সদস্যা পদত পৰাজিত প্ৰাৰ্থীৰ সমৰ্থকসকলে জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকসকলৰ ওপৰত আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন হৈছে। আনফালে, বিজয়ী জিলা পৰিষদৰ প্ৰাৰ্থীৰ সমৰ্থকসকলৰ অভিযোগ মতে, পৰাজিত প্ৰাৰ্থীগৰাকীক সমৰ্থন নকৰি বেলেগ প্ৰাৰ্থীক সমৰ্থন কৰাৰ বাবে সংঘটিত হয় এই মাৰপিট।
এই মাৰপিটৰ ফলত উভয় পক্ষৰ বহু কেইগৰাকী পুৰুষ-মহিলা আহত হয়। ঘটনাৰ পাছত ৰাতি উভয় পক্ষই চাপৰ আৰক্ষী থানাত উপস্থিত হৈ একে আনৰ বিৰুদ্ধে পৃথক পৃথক এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু এই সংঘৰ্ষৰ আচল কাৰণ তদন্তৰ পিছতহে পুৰোপুৰি পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে।