ভাস্কৰ্যৰ যোগেদি আমি মানৱ সভ্যতা আৰু সমাজৰ বেলেগ বেলেগ স্তৰৰ খবৰ পাব পাৰো।(Charu-Karu art Mahavidyalaya) আজিৰ পৰা প্ৰায় ৪৫,০০০ পূৰ্বৰ জাৰ্মানীৰ ভেনাছ ভাস্কৰ্য, সিন্ধু উপত্যকাৰ ‘পুৰোহিত ৰজা’ শীৰ্ষক ভাস্কৰ্য , নৃত্যৰতা নাৰী , ৰোমানিয়াৰ বহু হাজাৰ বছৰ পুৰণি সেই বিশেষ ভাবুক মানুহজন, ব্ৰাঁকুছিৰ উৰন্ত বিহংগ, হেনৰী মূৰৰ বিশাল মানুহখিনি – এই সকলোবোৰ শিল্পকৰ্মই মানুহৰ চেতনাৰ বেলেগ বেলেগ পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। বৌদ্ধ শিল্পত মানুহৰ দৈনন্দিন আৰু আধ্যাত্মিক প্ৰয়োজনৰ মাজত আমি এক বিশেষ সমন্বয়ক লক্ষ্য কৰো। বৌদ্ধ চিন্তাৰ শূণ্যতা আৰু নিৰ্বাণৰ ধাৰণা কাবুল-কান্দাহাৰৰ প্ৰাচীন শিল্পীয়ে কিদৰে ধৰি ৰাখিছিল সেয়া ভাবি আচৰিত লাগে। ভাস্কৰ্যৰ উপস্থিতিয়ে স্থান আৰু কালক গতি দিয়ে। ভাস্কৰ্য শিল্পী এগৰাকীয়ে তেওঁৰ মনৰ ভিতৰৰ কথা বতৰা বা অভিজ্ঞতাক শিল , মাৰ্বল,কাঠ , চিমেণ্ট আদি বিভিন্ন মাধ্যমত ধৰি ৰাখিবলৈ সক্ষম হয়। ভাস্কৰ্যই জীৱনৰ অপৰিহাৰ্য গুণবোৰকে যেন আমাৰ আগত তুলি ধৰে। শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত চৰকাৰী চাৰু – কাৰু কলা মহাবিদ্যালয়ৰ এক বিশেষ বক্তৃতা অনুষ্ঠানত ৰাজ্যখনৰ আগশাৰীৰ কলা সমালোচক জ্যোতি খাটনিয়াৰে এই ভাষ্য ডাঙি ধৰে।
“ভাস্কৰ্য শিল্পৰ আনন্দ : আবেগ আৰু প্ৰত্যয় ” শীৰ্ষক এই বক্তৃতা অনুষ্ঠানত কলা সমালোচক খাটনিয়াৰে কিদৰে ভাস্কৰ্যই ডাঙি ধৰা সত্য সমূহ মানৱ সভ্যতাৰ গুৰুত্বপূৰ্ণ অংগ, সেয়াও সাৱলীল ভাৱে ব্যাখ্যা কৰে। এই প্ৰসংগত তেওঁ প্ৰাচীন ইজিপ্টৰ সভ্যতাৰ ভাস্কৰ্য, ৰোমান সভ্যতাৰ , সিন্ধু সভ্যতাৰ ভাস্কৰ্যৰ উল্লেখেৰে ৰাজ শাসনৰ সৈতে দৈৱিক সম্পৰ্ক আৰু কৰ্তৃত্বক কেনেদৰে ভাস্কৰ্যৰ যোগেদি জন মানসত প্ৰতিষ্ঠা কৰা হৈছিল, সেয়া পুংখানুপুংখৰূপে বিশ্লেষণ কৰে। একেসময়তে, আধুনিক সময়ছোৱাত ভাস্কৰ্যই ইয়াৰ নূন্যতম উপাদানৰ মাজেৰে অস্তিত্বৰ চেতনাক আমালৈ কিদৰে কঢ়িয়াই আনিছে, সেয়া তেওঁ উল্লেখ কৰে। বৰ্তমানৰ সময়ছোৱাত ভাস্কৰ্যৰ দ্ৰুত গতিত সলনি হোৱা ৰূপে কেনেকৈ শিল্পৰ জগতত প্ৰভাৱ বিস্তাৰ কৰিছে, এই প্ৰসংগত সমালোচক খাটনিয়াৰে বিৱৰি কয়।
তেওঁ ভাস্কৰ্য্য শিল্পী ডেভিদ স্মিথৰ সপ্তম কিউব নামৰ ভাস্কৰ্যৰ মাজেৰে উপাদানসমূহৰ সৌন্দৰ্য্য আৰু ফৰ্মৰ মাজত ভাস্কৰ্য্য শিল্পীয়ে কিদৰে ভাৰসাম্য ৰক্ষা কৰিছে, সেয়া ব্যাখ্যা কৰে। তেওঁ শিল্প তাত্বিক ছুছান লেংগাৰ আৰু ৰাডল্ফ আৰ্ণহেইমনৰ তাত্বিক আলোচনাৰে অসম আৰু ভাৰতৰ কেইবাটাও ভাস্কৰ্যৰ তাৎপৰ্যক ফঁহিয়াই দেখুৱাই কৰে। এই প্ৰসংগত তেওঁ আধুনিক ভাৰতৰ বিশিষ্ট মহিলা ভাস্কৰ্য্য শিল্পী মীৰা মুখোপাধ্যায়, হিম্মত শ্বাহ, শোভা ব্ৰহ্ম, ৰাতুল চন্দ্ৰ গগৈৰ আদিৰ শিল্পকৰ্মক উদাহৰণ হিচাপে লৈ শিল্প আৰু জীৱনৰ পাৰস্পৰিক সম্পৰ্কক উপস্থাপন কৰে। বক্তৃতাৰ শেষত ডেৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা এই অনুষ্ঠানত বক্তা খাটনিয়াৰে ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজিৎ ডেকাই অনুষ্ঠানৰ আদৰণি ভাষণ দিয়াৰ লগতে সমগ্ৰ বক্তৃতা অনুষ্ঠানটোক পৰিচালনা কৰে। লেখক, ভাষাবিদ সুৰেন্দ্ৰ মোহন দাস, প্ৰাক্তন শীৰ্ষ বেংক বিষয়া তপন ভট্টাচাৰ্যকে ধৰি মহাবিদ্যালয়ৰ অধ্যাপক সহ কেইবাজনো বিভিন্ন ব্যক্তি এই বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক চন্দন বেজবৰুৱায়ো বক্তব্য আগবঢ়ায়।