সমগ্ৰ দেশতে বিনামূলীয়া ChatGPT Plus! সাহসী পদক্ষেপ ল’লে ইউএই চৰকাৰে

২৮ মে’:
বিশ্বত প্ৰথমবাৰৰ বাবে কোনো এখন দেশৰ চৰকাৰে সমগ্ৰ জনসাধাৰণলৈ ChatGPT Plusবিনামূলীয়া চাবস্ক্ৰিপচন প্ৰদান কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে। এই সাহসী আৰু আগ্ৰণী পদক্ষেপটো ল’লে সংযুক্ত আৰব আমিৰাত (UAE) চৰকাৰে। AI প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বমঞ্চত এক শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ লৈছে এই গম্ভীৰ পদক্ষেপ।

OpenAI ৰ সৈতে অংশীদাৰিত্বত Stargate UAE নামৰ বৃহৎ AI ডাটা চেণ্টাৰৰ নিৰ্মাণ অন্তর্ভুক্ত থকা এই প্ৰকল্পৰ অধীনত, দেশখনৰ প্ৰতিটো বাসিন্দাই শীঘ্ৰে ChatGPT Plusবিনামূলীয়াকৈ সুবিধা লাভ কৰিব। সাধাৰণতে, ChatGPT Plus চাবস্ক্ৰিপচন লৈলে মাহিলী খৰচ ২০ ডলাৰ (প্ৰায় ₹১৭০০) পইচা লাগে।

এই পদক্ষেপৰ মূল উদ্দেশ্য

  • উন্নত AI সঁজুলি সকলোলৈ সহজলভ্য কৰি তোলা
  • স্বাস্থ্যসেৱা, শিক্ষা আৰু শক্তি খণ্ডত AIৰ সুবিধা প্ৰয়োগ
  • সমগ্ৰ দেশখনৰ ডিজিটেল ক্ষমতা বৃদ্ধি কৰা

OpenAI ৰ “OpenAI for Countries” প্ৰগ্ৰেমৰ অংশ

এই প্ৰকল্প OpenAI for Countries নামৰ এক বিশেষ প্ৰগ্ৰেমৰ অধীনত আগবঢ়োৱা হৈছে। OpenAI ৰ CEO Sam Altman এ এই প্ৰকল্পটোক “এটা সাহসী দৃষ্টিভংগী” বুলি আখ্যা দিছে ।

Related Articles