পৰীক্ষাৰ অসৎ ব্যৱহাৰ ৰোধ কৰিবলৈ বিলঃ পৰীক্ষাত নকল কৰিলে সন্মুখীন হ’ব কাৰাদণ্ডৰ! প্ৰস্তাৱিত আইনখনত নকল কৰাৰ বাবে নূন্যতম তিনিৰ পৰা পাঁচ বছৰৰ কাৰাদণ্ডৰ পৰামৰ্শ দিয়া হৈছে, আনহাতে সংগঠিত প্ৰতাৰণাত জড়িতসকলক পাঁচৰ পৰা দহ বছৰৰ কাৰাদণ্ড আৰু নূন্যতম ১ কোটি জৰিমনা ভৰিব লাগিব। এপিএছচি পৰীক্ষা, ৰাজহুৱা পৰীক্ষা নিকা কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।
ইউ পি এছ চি, এছ এছ চি, এন ই টি, জে ই ই, আৰু চি ইউ ই টিৰ দৰে নিযুক্তি পৰীক্ষা আৰু প্ৰৱেশ পৰীক্ষাৰ কাগজ ফাদিল আৰু অসৎ ব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সোমবাৰে লোকসভাত এখন বিধেয়ক উত্থাপন কৰে। “ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, ২০২৪” শীৰ্ষক বিধেয়কখন দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে। এই প্ৰস্তাৱিত আইনে সংগঠিত গেং-মাফিয়া আৰু অসৎ কামত লিপ্ত হোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত গুৰুত্ব দিব। এই প্ৰস্তাৱিত আইনে ছাত্ৰ-ছাত্ৰীক লক্ষ্য নকৰে।

