Chenab Railway Bridge: আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ সৰ্বোচ্চ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব।

‘অপাৰেশ্যন সিন্দূৰ’ৰ পাছত আজি প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটিটকীয়া প্রায় ৮৪টা উন্নয়ন প্ৰকল্পৰ উন্মোচন, শিলান্যাস কৰিব মোদীয়ে।(Chenab Railway Bridge)

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিব। দেশবাসীৰ বাবে উৎসৰ্গিত কৰিব জম্মু-কাশ্মীৰৰ চেনাব দলং।

চেনাব নদীৰ পৰা ৩৫৯ মিটাৰ উচ্চতাত অৱস্থিত এই দলংখনৰ উচ্চতা পেৰিছৰ আইফেল টাৱাৰতকৈও অধিক।

অত্যাধুনিক অভিযান্ত্ৰিকতাৰ প্ৰমাণ হিচাপে প্ৰায় ৪৩,৭৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰেল লিংক (USBRL) প্ৰকল্প।


ভাৰতৰ মজবুত নিৰাপত্তা বৈশিষ্ট্যৰ প্ৰমাণ স্বৰূপ এই সৰ্বোচ্চ দলংখন প্ৰথমবাৰৰ বাবে বিস্ফোৰণ প্ৰতিৰোধী তীখাৰে নিৰ্মাণ কৰা হৈছে।


উচ্চ বিপদজনক ভূমিকম্পীয় অঞ্চলত অৱস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত চেনাব ৰেলৱে দলঙে ঘণ্টাত ২৬৬ কিলোমিটাৰ পৰ্যন্ত উচ্চ প্ৰাবল্য আৰু বতাহৰ গতিবেগৰ কম্পন সহ্য কৰিব পাৰে।

Related Articles