দিল্লীৰ এটা মলত ‘ছাৱা’ চলি আছিল, হঠাৎ পৰ্দা জ্বলিবলৈ ধৰিলে, ৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হ’ল!(Chhaava)বুধবাৰে দিল্লীৰ সাকেটৰ চিলেক্ট চিটি মলত ‘ছাৱা’ ছবি প্ৰদৰ্শনৰ সময়ত হঠাতে অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পিছত তাত উপস্থিত ৰাইজৰ মাজত বিশৃংখলতাৰ সৃষ্টি হয়। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ এটা চাঞ্চল্যকৰ ভিডিঅ’। বিকি কৌশল, ৰশ্মিকা মাণ্ডন্না আৰু অক্ষয় খান্নাৰ ছবি ‘ছাৱা’ই বক্স অফিচত ঢৌ তুলিছে আৰু সমগ্ৰ দেশতে প্ৰিয় হৈ পৰিছে ছবিখন। সন্ধিয়া ৫:৪৪ বজাত পিভিআৰৰ অ’ডি-৩ত এখন চিনেমা খন চলি থকাৰ সময়তে হঠাতে অগ্নিকাণ্ড ঘটনাটো সংঘটিত হয়।
চিনেমা হলত উপস্থিত দৰ্শকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু দৰ্শকসকল ওলাই আহে হলটো পৰা। অৱশ্যে এই ঘটনাত কোনো লোক আহত হোৱা নাই। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে মল প্ৰশাসনে দিল্লী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। তথ্য লাভ কৰাৰ লগে লগে ৬ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয় আৰু অতি সোনকালেই জুই নিয়ন্ত্ৰণ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, পৰ্দাত জুই আৰম্ভ হৈছিল যদিও আৰু অধিক বিয়পি পৰাৰ পূৰ্বেই জুই নিৰ্বাপিত কৰা হয়।
জুইৰ পিছত মানুহে ভয়তে পলাবলৈ ধৰিলে। চিনেমা হলত একাধিক এক্সাইট গেট থকাৰ বাবে সকলো দৰ্শকে নিৰাপদে ওলাই আহিবলৈ সক্ষম হৈছিল। ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ পিছত সমগ্ৰ মলটোৰ নিৰাপত্তাৰ ব্যৱস্থা পৰীক্ষা কৰি বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে কয় যে জুই বৰ ডাঙৰ নাছিল আৰু অতি সোনকালে নিয়ন্ত্ৰণলৈ অনা হৈছিল।
মুকলিৰ প্ৰথম দিনাৰ পৰাই ছাৱাই বক্স অফিচত বহু টকা উপাৰ্জন কৰি আহিছে। য’ত ছবিখনে ঘৰুৱা বক্স অফিচত ৪০০ কোটি টকাৰ অতি ওচৰ চাপিছে। একে সময়তে বিশ্বজুৰি ৪০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছে।