Chhath Puja 2025: আজি ষট পূজাঃ সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয় পূজা

২৫ অক্টোবৰৰ পৰা (Chhath Puja 2025) আৰম্ভ হৈছে ষট পূজা। চাৰিদিনীয়া এই পূজা সন্তানৰ দীৰ্ঘায়ু, সুখ, সমৃদ্ধি, স্বাস্থ্যৰ বাবে কৰা হয়। হিন্দু ধৰ্মৰ অন্যতম উপবাস হিচাপে গণ্য কৰা হয় ষট, প্ৰায় ৩৬ ঘণ্টা ধৰি ভক্তসকলে পানীবিহীন উপবাস পালন কৰে। ষটৰ ব্ৰত আৰু পূজাক আটাইতকৈ কঠিন ব্ৰত বুলি গণ্য কৰা হয়।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট পূজা পালন। আজি ধুবুৰীতো অনুষ্ঠিত হৈছে ষট পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত সংগতি ৰাখি ধুবুৰী বিহাৰী যুৱ মঞ্চৰ উদ্যোগত ধুবুৰী ৯ টা ঘাটত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ষট পূজা।

পূজা মণ্ডপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাও পৰিলক্ষিত হৈছে। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবেও পূজা সমিতিয়ে দাবী জনায়।

মঙ্গলবাৰে পুৱা ষট পূজাৰ সামৰণি উপলক্ষে ঘাটত বিহাৰী সম্প্ৰদায়ৰ লগতে বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ এক বৃহৎ সমাগম দেখিবলৈ পোৱা যায়। উল্লেখ যে এই পূজাত বিশেষ কৈ সূৰ্য্য দেৱতাক অৰ্গ দিয়াৰ লগতে ষঠীমাৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়।

Related Articles