Breaking

প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত নিয়োজিত ছত্ৰপতি শিৱাজীৰ সেনাত ব্যৱহৃত তীক্ষ্ণ দৃষ্টিৰ মুধোল হাউণ্ড কুকুৰ

0 1,551

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ বহু শীৰ্ষ ৰাজনীতিকৰ বিৰুদ্ধে সময়ে সময়ে প্ৰাণঘাতী আক্ৰমণৰ ভাবুকি আহি থকাৰ সময়তে মোদীৰ সুৰক্ষাত নিয়োজিত হৈছে এক বিশেষ প্ৰজাতিৰ কুকুৰ।ছত্ৰপতি শিৱাজীৰ সৈন্যবাহিনীত মহাপৰাক্ৰম তথা সাহসিকতাৰ পৰিচয় দিয়া মুধোল হাউণ্ড কুকুৰ এতিয়া প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা গোট বা এছপিজিত অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ বাবে এনে কুকুৰবোৰক চাৰি মাহৰ অতি কঠোৰ প্ৰশিক্ষণ দিয়া হ’ব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেৱল দেশৰেই নহয়, সমগ্ৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী নেতাসকলৰ মাজৰে এজন। সেয়ে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহাটোও স্বাভাৱিক। মোদীৰ সুৰক্ষাৰ প্ৰতি ক্ষেত্ৰত সেয়ে অগ্ৰাধিকাৰ দিয়া হৈছে। অত্যাধুনিক গাড়ীৰ পৰা আৰম্ভ কৰি বিশেষভাৱে প্ৰশিক্ষিত নিৰাপত্তাকৰ্মীলৈকে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থা পানী নসৰকা কৰি গঢ়ি তোলা হৈছে। এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাৰ বাবে এটা নতুন পৰিকল্পনা কৰা হৈছে।

এতিয়াৰ পৰা প্ৰধানমন্ত্ৰীৰ নিয়মীয়া নিৰাপত্তা ব্যৱস্থাত আৰু এটা কথা যোগ কৰা হ’ব। সেয়া হৈছে মুধোল হাউণ্ড কুকুৰ। মুধোল হাউণ্ড কুকুৰবোৰ এতিয়াৰে পৰা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ অংশ হ’ব। ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈন্যবাহিনীত এই মুধোল হাউণ্ডে যথেষ্ট সাহসিকতা দেখুৱাইছিল। এতিয়া এই কুকুৰবোৰ প্ৰধানমন্ত্ৰী মোডীৰ নিৰাপত্তাৰ বাবে সাজু কৰি তোলা হৈছে। মুধোল হাউণ্ড কুকুৰৰ বিশেষত্ব হ’ল ইয়াৰ তীক্ষ্ণ দৃষ্টি, সাহসিকতা আদি।মুধোল হাউণ্ড কুকুৰবোৰ সাধাৰণতে ওখ হয়। এই কুকুৰবোৰ দীঘল আৰু ওখ শৰীৰৰ হোৱাৰ লগতে অতি চঞ্চল হয়। কুকুৰবোৰৰ শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। সেয়ে এনে কুকুৰ কম ভাগৰুৱা হয় আৰু কম ৰুগীয়াও হয়। তীক্ষ্ণ দৃষ্টিশক্তিৰ অধিকাৰী বাবেই এনে কুকুৰক চাইট হাউণ্ড বুলিও কোৱা হয়। আন কুকুৰৰ তুলনাত, এনে কুকৰৰ গোন্ধৰ তীব্ৰ অনুভূতি আছে। এনে কুকুৰে যিকোনো বতৰতে কাম কৰিব পাৰে আৰু যিকোনো জলবায়ুতে মিলি যাব পাৰে।এই প্ৰজাতিৰ কুকুৰবোৰে প্ৰতি ঘণ্টাত ৫০ কিলোমিটাৰ বেগত দৌৰিব পাৰে। যিকোনো বস্তুৰ গোন্ধ তিনি কিলোমিটাৰ দূৰৰ পৰা শুঙিব পাৰে। উত্তৰ প্ৰদেশৰ মিৰাটৰ ৰিমাউণ্ট ভেটেৰিনেৰী কৰ্পোৰেচনত ন মাহৰ প্ৰশিক্ষণৰ পিছত ভাৰতীয় সেনাই ইতিমধ্যে এই কুকুৰবোৰক নিৰাপত্তা দলত অন্তৰ্ভুক্ত কৰিছে।মুধোল হাউণ্ডে এতিয়ালৈকে বায়ু সেনা, অৰ্ধসামৰিক বাহিনী, ডিআৰডিঅ’, ৰাজ্যিক আৰক্ষী বাহিনীত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে।


কৰ্ণাটকত চোৰাংচিকাৰীৰ পৰা বাঘৰ সুৰক্ষাৰ বাবে মুধোল হাউণ্ড মোতায়েন কৰা হৈছে। ছত্ৰপতি শিৱাজী মহাৰাজৰ সৈন্যবাহিনীতো মুধোল হাউণ্ড অন্তৰ্ভুক্ত কৰা হৈছিল।

Leave A Reply