Breaking

মৰিগাঁৱত উপস্থিত হৈ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’লে মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে…

0 12

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি নগাঁও লোকসভা সমষ্টিৰ অধীনৰ মৰিগাঁও নিৰ্বাচন জিলাত উপস্থিত হয় অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল। তেওঁ মৰিগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্তসকল আৰু নিৰ্বাচনী কাম-কাজৰ দায়িত্বত থকা বিষয়াসকলৰ সৈতে এখন সভাত মিলিত হয়।

সভাত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্বাচনৰ বিভিন্ন কোষৰ কাম-কাজ সম্পৰ্কে সবিশেষ বুজ লয়। তেওঁ ষ্ট্ৰং ৰূমৰ ব্যৱস্থাপনা সন্দৰ্ভত বিতংভাৱে বুজ লোৱাৰ লগতে ৱেবকাষ্টিং আৰু জি পি এছ ব্যৱস্থা, ই ভি এম ব্যৱস্থাপনা আদি সন্দৰ্ভত আলোচনা কৰে। তেওঁ ভোটগ্ৰহণৰ দিনা আৰু ভোটগ্ৰহণৰ পৰৱৰ্তী দিনা সময়মতে ৰিপৰ্টিং কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতিটো কোষকে অহা ২৬ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰিবলৈ আহ্বান

জনায়। তেওঁ এই সভাৰ পিছতেই ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰাৰ লগতে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত স্থাপন কৰা ৰিচিভিং, ডিচপেচিং, আৰু ট্ৰেনজিট কেন্দ্ৰ আৰু আন কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰুথ লিয়েন্থাং, জিলা উন্নয়ন আয়ুক্ত সিদ্ধাৰ্থ গোস্বামী, অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰী, ডঃ সংগীতা বৰঠাকুৰ, বিমান দাস, প্ৰাঞ্জল বৰুৱা আৰু সুলক্ষণা বৰপাত্ৰগোহাঁই, নিৰ্বাচন বিষয়া জাগৃতি কলৱাৰ আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply