দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উল্লেখনীয় পদক্ষেপ

কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি তথা জনপ্ৰতিনিধি খনছিং ৰংপিৰ সমষ্টি হাওৰাঘাটত বিভিন্ন বিভাগত বিগত চাৰিটা বছৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিছত দৰিদ্ৰ হিতাধীকাৰীৰ অভিযোগৰ ভিত্তিত মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে তাৎক্ষণিকভাৱে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰাম্য সখী চাকৰি নিযুক্তি দিয়াৰ নামত হাওৰাঘাট বি এল চি চি’ৰ চেয়াৰমেন মৰমী শইকীয়া আৰু হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক বৰ্খাস্ত কৰি মৰমী শইকীয়াৰ ঠাইত নতুনকৈ মুকুল নাথ আৰু গণেশ ইংহিৰ ঠাইত নতুনকৈ বিলিচন ইংতিক আজি আনুষ্ঠানিকভাৱে হাওৰাঘাটৰ এখন সভাৰ যোগেদি নিযুক্তি প্ৰদান কৰে ১১ টা ব্লকৰ চেয়াৰমেন জৰ্ণেল ৰংহাঙে । বিজেপিৰ হাওৰাঘাট ব্লক মণ্ডলৰ সভাপতি ৰামায়ণ চৌহানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি মথুৰা ফংলোচাই লগতে পুনৰ কয় যে দুবছৰ ধৰি আমি ৰাইজক একো দিব পৰা নাছিলোঁ । আমি কান্দি কান্দি চকুলো টুকি টুকি আলোচনা কৰিছিলোঁ । কি কিয় ইমান দুৰ্নীতিবোৰ সংঘটিত হৈ আছে । দুৰ্নীতিৰ বিৰুদ্ধে দুবছৰ ধৰি আমি ষ্টিং অপাৰেশ্যন চলাই আছিলো । পূৰ্বৰ প্ৰাক্তন হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন যীশু কেম্পাইয়ে দুৰ্নীতি সংঘটিত কৰি ডিঙিলৈকে গিলি বিজেপিৰ কৰ্মকৰ্তাক পানীত ডুবাই থৈ গৈছিল বুলি কোৱাৰ লগতে কয় যে খনছিং ৰংপিয়ে নিজৰ পচন্দ মতে পুনৰ দ্বিতীয়জন ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক নিযুক্তি তেওঁকো দুৰ্নীতিৰ পোহাৰ মেলাৰ সুযোগ দিয়া বুলি অভিযোগ কৰে । এঘাৰটা ব্লকৰ চেয়াৰমেনৰ লগত আলোচনা কৰি দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যনত মণ্ডলৰ এটা টিম আৰু লগত মিডিয়া লৈ এমাহ  সোতৰ দিন ধৰি দিনে নিশাই অভিযান চলোৱা হৈছিল। যাতে দুৰ্নীতি কৰা ভ্ৰষ্টাচাৰীসকলক একেবাৰে যমুনা নদীত বিসৰ্জন দিব পৰা যায় । যতে যাও তাতেই গ্ৰাম্য সখী নিযুক্তি দিয়ৰ নামত টকা লোৱা,যতে যাও তাতেই জবকাৰ্ডৰ ধন লুণ্ঠন কৰা, যতে যাও তাতেই পি ডি এছ ৰ পি এম ৱাই আঁচনিৰ টকা লোৱা আদিবোৰ দেখি দেখি সেইবোৰ অসহ্য লাগি গৈছিল বুলি কৈ মথুৰা ফংলোচাই কয় সেইবাবেই আমি ১৫ জনীয়া ষ্টিং অপাৰেশ্যন টিম গঠন কৰিছিলো বুলি কয় । 

Related Articles