Breaking

বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় সজাগতা কৰ্মশালাত অংশগ্ৰহণ মুখ্য ন্যায়াধীশৰ…

0 2,069

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে শনিবাৰে বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচী পৰিদৰ্শন কৰে ৷ লগতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত কি কি সা-সুবিধা আছে সেয়া পৰিদৰ্শন কৰি আদালতখনৰ বিষয়ববীয়াৰ লগতো মুখ্য ন্যায়াধীশৰাকীয়ে বাৰ্তালাপ কৰে ৷ ইয়াৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী চাপাগুৰীস্থিত হোটেল চিগনেটত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু  “আৰণ্যক”নামৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনৰ যুটীয়া উদ্যোগত আয়োজন কৰা সজাগতা কৰ্মশালাত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে কয় যে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধ কৰিবলৈ বহুপক্ষীয় প্ৰচেষ্টাৰ প্ৰয়োজন। সমগ্ৰ বিশ্বতে আজি বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ বাবে এক জাগৰণৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বন বিভাগ, আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনী,অৰ্ধ সামৰিক বাহিনী, সেনা বাহিনী আৰু সমাজৰ আন আন বেচৰকাৰী সংগঠনবিলাকে বন্য প্ৰাণী সংৰক্ষণৰ বাবে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানত লিপিবদ্ধ আইন মতে সকলো নাগৰিকৰে এইটো মৌলিক কৰ্তব্য যে তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল, বিল আৰু বন্য-প্ৰাণী সংৰক্ষণ কৰিব লাগে। তাৰ বাবে সীমান্তত সশস্ত্ৰ সীমাবলৰ অধীনৰ এজন জোৱান নিয়োগ কৰা হয় আৰু তেওঁ কোনো কাৰণতে নিজৰ দেশৰ বা ৰাজ্যৰ মূল্যৱান জীৱ-জন্তুসমূহ সীমান্তৰে চোৰাংভাৱে সৰবৰাহ যাতে নহয় তাৰ ওপৰত নজৰ দিব লাগে। সেনা আৰু অৰ্ধ -সামৰিক বাহিনীৰো এইটো দায়িত্ব আছে যে তেওঁলোকে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ ক্ষেত্ৰত  আৰক্ষী আৰু বন বিভাগক সহায়ৰ হাত আগবঢ়াব লাগে।তেওঁ আৰু কয় যে বন্যপ্ৰাণী অবৈধ সৰবৰাহ কৰা অপৰাধীক হাতেলোটে ধৰিব পাৰিলে জৰিমনা বিহা আৰু মূল্যৱান জীৱসমূহ জব্দ কৰাটোও লঘু দৃষ্টিভংগীৰে ল’ব নালাগে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই কয় যে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২(Wildlife Protection Act,1972) ত বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কীয় কেবাটাও প্ৰধান দফা থকাৰ উপৰিও ফৌজদাৰী বিধিও আছে যিকেইটা সমানে প্ৰযোজ্য। 

তেওঁ আৰু কয় যে বেচৰকাৰী সংগঠন, আইন বলবৎকাৰী,বিশেষজ্ঞ,বন বিভাগ আৰু আন বহুতো লোকে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট উল্লেখনীয় কাম কৰিছে। উক্ত সজাগতামূলক কৰ্মশালাত অসম আৰক্ষী,অসমৰ বন বিভাগ, সশস্ত্ৰ সীমা বলৰ উপৰিও বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ন্যায়ালয়ৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে।তেওঁলোকৰ ভিতৰত আছিল অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিৱ নয়ন শংকৰ বৰুৱা, বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ তৰুণ দে’, এছ এছ বিৰ ডি আই জি  জগদীপ পাল সিং (ৰঙিয়া), এছ এছ বি বঙাইগাঁৱৰ ডি আই জি এন্টনী থানমী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড:বৈভৱ চি মাথুৰ আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া বিষ্ণু সিং। আনহাতে আৰণ্যকৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷ 

Leave A Reply