অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত আৰক্ষী বিভাগৰ পৰ্যালোচনাৰ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

আজি গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত আৰক্ষী বিভাগৰ পৰ্যালোচনাৰ এক দিনজোৰা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অংশগ্ৰহণ কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে নিযুক্তি, ৰাজ্যৰ নিৰাপত্তা, অপৰাধ নিয়ন্ত্ৰণকে ধৰি বিভিন্ন দিশত বিতংভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

এই বৈঠকত সতীৰ্থ মন্ত্ৰী অশোক সিংহল, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে বহু জ্যেষ্ঠ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াও উপস্থিত থাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles