আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সতীৰ্থ মন্ত্ৰী ড০ ৰণোজ পেগুৰ উপস্থিতিত চুতীয়া জাতীয় সন্মিলন, সদৌ চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সম্মিলন আৰু চুতীয়া মহিলা সন্মিলনকে ধৰি চুতীয়া সম্প্ৰদায়ৰ সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। চুতীয়া সম্প্ৰদায়ৰ বিভিন্ন বিষয় সম্পৰ্কীয় আলোচনা আৰু সম্প্ৰদায়টোৰ সামগ্ৰিক বিকাশৰ বাবে এক ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে তেখেতসকলক ইয়াৰ কাৰ্যকৰীকৰণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷


