Breaking

শ্ৰী শ্ৰী ন-ৰোৱা কুজি সত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 80

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহু স্মৃতি বিজড়িত আৰু প্ৰাচীন সম্পদেৰে ভৰপূৰ এই সত্ৰখনলৈ পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পিছতেই সত্ৰ খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। মুখ্যমন্ত্ৰী সত্ৰ খনত উপস্থিত হোৱাৰ লগে লগে ভকত বৈষ্ণৱ সকলে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলে সত্ৰৰ চৌহদ।মহিলা সকলে পুষ্প বৰষণ কৰি আদৰণি জনায়।থান পৰিচালনা কমিটিয়ে মুখ্যমন্ত্রীক ফুলাম গামোচা আৰু ধৰ্ম বস্ত্ৰেৰে সম্বৰ্ধনা জনাই ।মুখ্যমন্ত্রীয়ে কুজি সত্ৰৰ শিল্পকলা তথা প্ৰাচীন সম্পদ সংগ্ৰহালয় আৰু অতিথিশালাৰ দুৱাৰ মুকলি কৰে। মুখ্যমন্ত্রী গৰাকীয়ে সত্ৰৰ উন্নয়ন কৰা হব বুলি ঘোষণা কৰে।

মৰিগাঁও জিলাৰ ভিতৰুৱা এই সত্ৰ খনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আগমনত উৎফুল্লিত হৈ পৰে নৰোৱা কুজি সত্ৰবাসী । মুখ্যমন্ত্রীয়ে থান দৰ্শন কৰি ৰাইজক সম্বোধন কৰে। মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকা,কেশৱ মহন্ত আৰু জয়ন্তমল্ল বৰুৱাই। উপস্থিত থাকে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামনি বৰা শশীকান্ত দাস আৰু বিধায়ক ৰমাকান্ত দেউৰী । বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই সত্ৰ খনলৈ পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্রী আৰু মন্ত্ৰী পৰ্যায়ৰ নেতা সকল কুজি সত্ৰলৈ আহিছে ।

ধিঙৰ পৰা কলিম উদ্দিন আহমেদৰ প্ৰতিবেদন।

Leave A Reply