ঢেকীয়াজুলিত অনুষ্ঠিত অখিল অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ঢেকীয়জুলিৰ ভুটপাৰাট অনুষ্ঠিত হৈছে অখিল অসম কলৱাৰ সমাজৰ চতুৰ্থ কেন্দ্ৰীয় মহাসভা৷ উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই মহাসভা৷ উক্ত অনুষ্ঠানটিত দেওবাৰে উপস্থিত হৈ গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই৷

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ৰাজ্যলৈ অহা অন্য সমাজৰ প্ৰিয় ভাতৃ-ভগ্নীসকললৈ মোৰ একান্ত অনুৰোধ নিজ সংস্কৃতিৰ অভ্যাসৰ লগতে অসমীয়া সংস্কৃতিৰ লোকাচাৰসমূহো শিকিবলৈ যত্ন কৰক৷ এই সাংস্কৃতিক বিনিময়ৰ জৰিয়তে ৰাজ্যত এক সুন্দৰ সমন্বয় বাতাৱৰণৰ সূচনা হ’ব’৷

মুকলি সভাৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে কেবিনেট মন্ত্ৰী অশোক সিংঘাল,বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতী, শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে কেইবাখনো ৰাজ্যৰ বিধায়ক সংসদৰ উপৰিও বহুতো বিশিষ্ট লোক উপস্থিত থাকে৷

-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি

Related Articles