মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে…

আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বিকাশ উৎসৱৰ সৈতে সংগতি ৰাখি যোৰহাটৰ ন-আলিত নিৰ্মাণ কৰা তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰে।

এই উৰণীয়া সেতুখনৰ জৰিয়তে যোৰহাটৰ পৰা তিতাবৰ, গোলাঘাট আদি ঠাইলৈ যাতায়ত ব্যৱস্থা সুশৃংখলিত হ’ব। প্ৰায় ৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ৮০৩.১৯ মিটাৰ দৈৰ্ঘ্যৰ তিনিলেনযুক্ত ৰে’লৱে উৰণীয়া সেতুখন মূল

নিৰ্মাণকাৰ্য লগতে আনুসংগিকভাৱে সেতুখনৰ দুয়োটো দিশ সংযোগী পথ, উপ-পথ, সেৱা পথ, পকী নলা আৰু পদ- পথ, বৈদ্যুতিক আৰু পানী যোগান আঁচনিৰ লাইন স্থানান্তৰিতকৰণৰ কাম পৰ্যায়ক্ৰমে সম্পূৰ্ণ কৰে।

Related Articles