Breaking

বটদ্ৰৱাত ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখা উদ্বোধন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

0 79

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙ্গলবাৰে পুৱাৰ ভাগত জগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ আহে। প্ৰণিধানযোগ্য যে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বিশেষ উদ্যোগ আৰু তৎপৰতাত অসম চৰকাৰৰ পূঁজিৰে বটদ্ৰৱা থানৰ কাৰ্যালয় গৃহ সভাগৃহ সত্ৰাধিকাৰৰ বহা অতিথিশালা নতুন ৰূপত নিৰ্মান কাৰ্য চলি আছে। বটদ্ৰৱা থানত সেৱা কৰি মুখ্যমন্ত্ৰীয়ে থান চৌহদত ৰূপায়ন হৈ থকা উন্নয়ন মূলক আঁচনিৰ কামকাজৰ বুজ লয়। ইতিমধ্যে এই নিৰ্মাণ কাৰ্যৰ আশী শতাংশ কামকাজ সম্পূৰ্ণ হৈ উঠিছে।

গুৰুজনাৰ পূণ্যভূমি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানত সেৱা গ্ৰহন কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে পৰিচালনা সমিতিৰ লগতো বাৰ্তালাপত মিলিত হয়। বটদ্ৰৱাৰ উন্নয়ন সন্দৰ্ভত পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীৰ হাতত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° শৰ্মা উপস্থিত হয় বটদ্ৰৱাৰ পুৰণি বাছ আস্থানৰ সমীপত প্ৰতিষ্ঠা হোৱা ভাৰতীয় ষ্টেট বেংকৰ শাখাত । ভাৰতীয় ষ্টেট বেংকৰ বটদ্ৰৱা শাখাটোৰ দ্বাৰ উন্মোচন কৰি ৰাইজৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে নিৰ্মান হৈ থকা বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি নিৰ্মান কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ বটদ্ৰৱা ভ্ৰমনক লৈ নগাঁও জিলা প্ৰশাসনে বিশেষ তৎপৰতা অৱলম্বন কৰিছে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Leave A Reply