বিশ্বনাথৰ আৱৰ্ত ভৱন খেলপথাৰত মহা জন সম্পৰ্ক অভিযানত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ…

ভাৰতীয় জনতা পাৰ্টীৰ জন সম্পৰ্কৰ লগত সংগতি ৰাখি তেজপুৰ লোকসভা সমষ্টি ভিত্তিত এখনি জনসভা অনুষ্ঠিত কৰা হয়। এই জন সভাত দিনৰ ২ বজাত অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা বিশ্বনাথ চাৰিআলি স্থিত আৱৰ্ত ভৱন খেলপথাৰৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰাত তেওঁক উষ্ম আদৰণি জনাই সভাত আদৰি অনা হয়। জনসম্পৰ্ক অভিযান উপলক্ষে ২৩ জুন বলিদান দিৱসত ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক মহান দেশভক্ত ড° শ্যামা প্রসাদ মুখাৰ্জীৰ ৭০তম মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অগণন ৰাইজৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফুলাম গামোছা জাপি শৰাই আদিৰে উষ্ম আদৰণি জনোৱাৰ লগতে “বন্দে মাতৰম“ গীত পৰিবেশন কৰা হয় আৰু বন্তি প্ৰজ্বলন কৰি সভা আৰম্ভ হয়।


ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ মহা জনসম্পৰ্ক অভিযানৰ জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সম্বোধন কৰে । উপস্হিত থাকে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস, মন্ত্ৰী অশোক সিংহল,প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,গহপুৰৰ বিধায়ক উৎপল বৰা,ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতি,বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰচলাৰ বিধায়ক গনেশ লিম্বু আদি কৰি দলীয় নেতা ,জেষ্ঠ নেতা কৰ্মকৰ্তা সকলে ৷

বালিচাঙৰ পৰা ৰমেশ চন্দ্ৰ চৰেৰ প্ৰতিবেদন

Related Articles