Breaking

বোকাখাত বিধান সভা সমষ্টিৰ বিহৰাত প্ৰাৰ্থী অবিহনেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, “আকৌ এবাৰ মোদী চৰকাৰ” গীতৰ নৃত্যত আত্মহাৰা মুখ্যমন্ত্ৰী…

0 17

কাজিৰঙা লোক সভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি বোকাখাত বিধানসভা সমষ্টিৰ বিহৰাৰ এয়াৰ ফিল্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত কি নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷কিছু কাৰিকৰী কাৰণত তাছা উপস্থিত থাকিব নোৱাৰিলে যদিও বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা,মন্ত্ৰী পীয়ূষ হাজৰিকা, নৱাগতা বিজেপি বিস্মিতা গগৈয়ে উপস্থিত থকা সভালৈ হেলিকপ্টাৰেৰে আহি বিহৰা এয়াৰ ফিল্ডত অৱতৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীক বিহু,ঝুমুৰ ,ঢোলে দগৰে আদৰি আনাৰ পিছতে “আকৌ এবাৰ মোদী চৰকাৰ” গীতৰ তালে তালে নাচি আত্মহাৰা হয় মুখ্যমন্ত্ৰী গৰাকী৷উৎকট গৰমকো নেউচি ১০ হাজাৰোধিক জনগন উপস্থিত থকা সভাত ভাষণৰ প্ৰাক্‌ ক্ষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষিমন্ত্ৰী অতুল বৰাৰ আজি জন্ম দিনৰ শুভেচ্ছা জনাই ৰাইজক আশিৰ্বাদ দিবলৈ আহ্বান জনায়৷ইয়াৰ পিছতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই “মোদী চৰকাৰে দিয়া গেৰান্টি ৰাজ্য চৰকাৰে ৱাৰেন্টি কৰিব” বুলি ভৰষা ৰাখি সকলোকে আগন্তুক নিৰ্বাচনত পদুমৰ চিনত ভোট দিবলৈ আহ্বান জনায়।নিবনুৱা সকলৰ উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অহা জুলাইত আৰক্ষীৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৫০ হাজাৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু অক্টোবৰত নিযুক্তি সম্পূৰ্ণ কৰিব।

এই নিযুক্তিত চাহ বাগিচাৰ বাবে ৩% পদ সংৰক্ষিত থাকিব বুলি উল্লেখ কৰে৷মহিলা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে লাখপতি বাইদেউ আঁচনিৰ জড়িয়তে মহিলা সকলে নিজকে স্বাৱলম্বী কৰি তুলিব পৰিব বুলি উল্লেখ কৰি ৰেচন কাৰ্ড থকা প্ৰতি পৰিয়ালে অৰুণোদয়,আয়ুষ্মান কাৰ্ডৰ জড়িয়তে চিকিৎসা সেৱা লাভ কৰাৰ লগতে ঘৰৰ মূৰব্বী সকলৰ বাবে বীমাৰ ব্যৱস্থা কৰিছে বুলি কয়। উচ্চতৰ পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰী সকলক চৰকাৰে শৈক্ষিক খৰছ হিচাপে ১০ ৰ পৰা ২৫ হাজাৰ টকা দিয়া হব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইয়া কৰি দেখুৱাই বুলি কয়।সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া,জিলা সভাপতি দেৱ প্ৰদীপ বৰা,অগপৰ জিলা সভাপতি নিপেন বৰুৱা, বোকাখাত সমষ্টি কমিটিৰ সভাপতি জগত কলিতাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া,অসম গণ পৰিষদ দলৰ বিষয় ববীয়া আৰু সন্মিলিত গণশক্তিৰ বিষয় ববীয়া উপস্থিত থাকে।


Leave A Reply