টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিস্থানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতি বাৰে সমগ্ৰ দিনটোত যোৰহাটত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অন্তত সন্ধিয়া কাৰ্যসূচীৰ অন্তিমটো কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকী টীয়কৰ চটাইস্থিত বৰ্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ প্ৰতিষ্ঠানৰ বিভিন্ন কাম কাজৰ খটিয়ান লোৱাৰ লগতে প্ৰতিষ্ঠানটোৱে বাঁহ আৰু অগৰ ওপৰত যি গৱেষণা চলাই আছে তাক অধিক ব্যৱসায়ী ভিত্তিত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰা ঐতিহাসিক ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱ কলাক্ষেত্ৰ,টীয়কত এখন পূৰ্ণাংগ ষ্টেডিয়াম অতি সোণকালে নিৰ্মাণ হ’ব বুলি  আশ্বাস দিয়ে।লগতে চাৰিলেনযুক্ত পথ সুন্দৰকৈ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে কৰণীয় সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি মত প্ৰকাশ কৰে।তাৎপৰ্যপূৰ্ণ এই যে কাৰ্বি লংপি জলবিদ্যুৎ প্ৰকল্পত নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত টীয়কৰ ৰিতু বৰা দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম পুলিচৰ এজন জোৱান আলফালৈ যোৱাৰ তথ্য পোৱা গৈছে বুলি সাংবাদিকক অৱগত কৰে।উক্ত কাৰ্য্যসূচী সমূহত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পূৰ্ণ সহযোগীতা আগবঢ়ায়।

Related Articles