শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক তথা বিশিষ্ট সমাজকৰ্মী শ্ৰীদেৱেশ্বৰ দলৈৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৮ বছৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

