Breaking

আজি এক্ট ইষ্ট বিষয়ক এখন কনক্লেভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই…

0 1,021

উত্তৰ-পূবৰ জৰিয়তে আছিয়ান দেশসমূহৰ সৈতে এক উন্নয়নমুখী সংযোগ স্থাপনৰ লক্ষ্যৰে আজি গুৱাহাটীত অনুষ্ঠিত এক্ট ইষ্ট বিষয়ক এখন কনক্লেভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ এক্ট ইষ্ট নীতিৰ সফলতাৰ বাবে অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি, অৰ্থনীতি আৰু অন্যান্য খণ্ডসমূহত উন্নয়নমূলক প্ৰকল্পৰে কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখলৈ লৈ আনিছে৷ ত্ৰিপাক্ষিক ঘাইপথ (Trilateral Highway) আৰু কালাদান মাল্টিম’ডেল প্ৰকল্প (Kaladan Multimodal project)ৰ দৰে দ্বিপাক্ষিক আৰু বহুমাত্ৰিক সংযোগৰ পদক্ষেপসমূহ সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে, লগতে ট্ৰেন্স এছিয়ান ৰে’লৱে প্ৰকল্পৰ ভাৰতীয় অংশৰ কামো অবিৰতভাৱে চলি আছে। জিৰিবাম-ইম্ফল ৰে’লৱে লাইন সম্পূৰ্ণ হোৱাৰ দিশত আগবঢ়াৰ লগতে ইম্ফল–মৰেহ ৰে’ললাইনৰ জৰীপ আৰু পৰিকল্পনাৰ কামো চলি আছে৷

এই বিভিন্ন পদক্ষেপসমূহে উত্তৰ-পূব ভাৰতৰ লগত আছিয়ান দেশসমূহৰ সৈতে সংযোগ ঘটাই উন্নয়নৰ এক নতুন ৰূপৰেখা তৈয়াৰ কৰিব।আজিৰ অনুষ্ঠানত  মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,  সাংসদ কুইন ওজা, প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ  সদস্য সঞ্জীৱ সান্যাল, ভাৰতত ছিংগাপুৰৰ  উচ্চায়ুক্ত ছাইমন ৱং উই কুয়েন, অসম চৰকাৰৰ  শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত,  মুখ্য সচিব জিষ্ণু বৰুৱা,  যুটীয়া বৈদেশিক সচিব গীতিকা বাস্তৱ, এফ আই চি আইৰ উত্তৰ-পূব উপদেষ্টা পৰিষদৰ  অধ্যক্ষ ৰঞ্জিৎ বৰঠাকুৰকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

Leave A Reply