
নৱগঠিত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ৱৰ্তীকালীন পৰিষদৰ মনোনীত অধ্যক্ষ, উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কোঁচ ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগীণ উত্তৰণৰ বাবে সততা আৰু নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হ’বলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায় ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী ডা: ৰণোজ পেগু, মুখ্যমন্ত্ৰীৰ মাননীয় ৰাজনৈতিক উপদেষ্টা শ্ৰীজয়ন্ত মল্ল বৰুৱা আৰু সৰুপথাৰৰ মাননীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকনৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে। তেওঁ বিশ্বাস কৰে যে কোঁচ ৰাজবংশীসকলৰ শক্তি একতাৰ মাজত লুকাই আছে আৰু সেইবাবে জনগোষ্ঠীটোৰ নতুন প্ৰজন্মই একত্ৰিতভাৱে স্বজাতিৰ উত্তৰণৰ বাবে কাম কৰাটো উচিত। ৰাজ্য চৰকাৰে নতুন পৰিষদখনলৈ যাৱতীয় সকলোধৰণৰ সহায়-সুবিধা আগবঢ়াই যোৱাৰ লগতে পৰিষদখনলৈ প্ৰয়োজনীয় ক্ষমতা হস্তান্তৰকৰণৰ বাবেও খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিব।


