মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ধেমাজি জিলাৰ গোগামুখলৈ আহিব মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ গোগামুখ চেতিয়া গাঁৱত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা নিৰ্মিত অভিলাষী অতিথিশালা উদ্বোধন কৰিব আৰু বিধায়ক ছিগনেশ্বাৰ পূঁজিৰে নিৰ্মাণ হৈ থকা বহুমুখী দক্ষতা বিকাশ প্ৰকল্পটো পৰিদৰ্শন কৰিব ৷
মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই জনোৱা মতে গোগামুখ চেতিয়া গাঁৱত অৱস্থিত অতিথিশালাটো ১.৬৯ কোটি পূঁজিৰে নিৰ্মাণ কৰা হৈছে ৷ বহুমুখী দক্ষতা বিকাশ প্ৰকল্পটো ১০ কোটি টকাৰে নিৰ্মাণ কৰি থকা হৈছে আৰু উক্ত নিৰ্মাণ কাৰ্য বিগত বৰ্ষৰ ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে নিৰ্মাণ কৰা হৈছে ৷
ছায়েঙ্গীয়াই জনোৱা মতে, প্ৰায় ৪০০ গৰাকী -যুৱক-যুৱতীয়ে একে সময়তে বিভিন্ন বিষয়ত প্ৰশিক্ষণ ল’ব পৰাকৈ নিৰ্মাণ কৰা উক্ত কেন্দ্ৰটি অহা ডিচেম্বৰ মাহত ৰাইজক অৰ্পণ কৰিব ৷ কালিৰ অনুষ্ঠানত উপস্থিত থাকিিব শিক্ষা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ আৰু ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষান, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে, জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা ৷ তদুপৰি মুখ্য কাৰ্যবাহী সদস্য ছায়েঙ্গীয়াই জনাইছে যে কাইলৈ বিশ্ব যোগ দিৱস উপলক্ষ্যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু ৰুদ্ৰাক্ষ যোগ কেন্দ্ৰৰ সহযোগত গোগামুখ আবতানি লত্তাত বিশ্ব যোগ দিৱস ক’ভিড প্ৰট’কল মানি পালন কৰিব আৰু পৰিষদৰ অধ্যক্ষ, কাৰ্যবাহী, সাধাৰণ সদস্য, বিষয়া উপস্থিত থাকিব ৷
আজি গোগামুখলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাঃ উদ্বোধন কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ অভিলাষী অতিথিশালা

