Breaking

পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ উন্নয়নৰ বাৰ্তাৰে বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ বাইক ৰেলী

0 480

সোমবাৰে চিলাপথাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি-পট্টা বিতৰণৰ পাছত মঙলবাৰে পুনৰ চিলাপথাৰ বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ৯ মান বজাত বিশেষ হেলিকপ্টাৰ যোগে কাৰেং চাপৰিত থকা হেলিপেদত অৱতৰণৰ পাছত চিলাপথাৰ দিজমূৰ -সোণাৰী মাজুলী সংযোগী মাথাউৰিৰ কাৰেং চাপৰিৰ অংশৰ পৰা বাহিৰ কৰা বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰি নিজে বাইক চলাই ব্ৰহ্মপুত্ৰ নদীৰ কাষেৰে এক প্ৰাকৃতিক মনোমোহা বিননন্দীয়া পৰিৱেশেৰে ভৰপূৰ মাথাউৰিৰ ওপৰেৰে উন্নয়নৰ বাৰ্তা লৈ মাজুলীলৈ যাত্ৰা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, চৰকাৰখনৰ প্ৰায় এক হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মাথাউৰি কাম পকী কৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কাৰেং চাপৰিৰ পৰা মাজুলীলৈ সুন্দৰভাৱে পকী কৰণ কৰা হ’ল। পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মাথাউৰিৰ ওপৰেৰে কোনোধৰণৰ সমদলৰ কৰা নাই যদিও মাথাউৰিৰ কাষত বান গৰাখহনীয়াৰ মাজত জীৱন সংগ্ৰাম কৰা নৈপৰীয়া ৰাইজক পৰিদৰ্শন কৰাৰ ৰেলীৰ যোগে এক প্ৰয়াস কৰা হৈছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে এই ৰেলীয়ে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ দায়িত্ব কমিব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি চৰকাৰখনৰ লগতে অসমৰ সৰ্বসাধাৰণৰ ৰাইজ এশ শতাংশ লগত আছে। একালৰ জৰাজীৰ্ণ মথাউৰিৰ এতিয়া পকী পথলৈ ৰূপান্তৰ বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ দিনতে সম্ভৱ হৈছে যাৰ বাবে জোনাই, ধেমাজি, ঢকোৱাখানা, মাজুলীৰ ব্ৰহ্মপুত্ৰ নৈপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সুৰক্ষিত হ’ব।

লগতে অসমত ধুমুহা আহিব বুলি প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ সন্দৰ্ভত ৰাজনীতি কৰা মানুহৰ মনটো পবিত্ৰ হ’ব লাগে, ধুমুহা আহিব, জুই জ্বলিব এইধৰণৰ কথা ভাবি লাভ নাই। ধুমুহাই মানুহৰ মন বেয়া কৰে কংগ্ৰেছহে ধুমুহা বিছাৰে আমি সৰু সৰু মৃদু বতাহেদি অসমৰ উন্নয়ন কৰিম বুলি কংগ্ৰেছেক সমালোচনা কৰে মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীৰ এই ৰেলীৰ সময়ত মাথাউৰিৰ ঠায়ে ঠায়ে নৈপৰীয়া মিচিং ৰাইজে পুষ্প বৃষ্টি কৰাৰ লগতে গামোচা পিন্ধাই বিভিন্ন শ্লোগান দি উষ্ম আদৰনী জনোৱা পৰিলক্ষিত হয়। লখিমপুৰ সাংসদ প্ৰদান বৰুৱা,জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু মাজুলীৰ বিধায়ক ভুৱন গামে সংগ দিয়া এই বাইক ৰেলীত প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে।

Leave A Reply