ৰাজ্যৰ ছাত্ৰীৰ বাবে নিযুত মইনা আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

ৰাজ্যৰ একাংশ ছাত্ৰীৰ বাবে সুখবৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অসম বিধানসভাৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক গৰম বন্ধৰ দুমাহ বাদ দি প্ৰতিমাহে ১০০০ টকাকৈ হায়াৰ ছেকেণ্ডাৰীৰ পাঠ্যক্ৰম সম্পূৰ্ণ নকৰালৈকে প্ৰদান কৰা হ’ব। প্ৰত্যেক মাহৰ ১১ তাৰিখে বেংক একাউণ্ট সেই ধন দিয়া হ’ব।


ডিগ্ৰী পাঠ্যক্ৰমৰ তিনি বছৰীয়া বা চাৰি বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰা সকলক মাহিলী ১২৫০ টকাকৈ দিব চৰকাৰে।পোষ্ট গ্ৰেজুৱেট পাঠ্যক্ৰমত নামভৰ্তি কৰি অধ্যয়ন কৰা সকলে ২৫০০ টকাকৈ মাহত লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে স্কুটি প্ৰদান আঁচনি আৰু নিযুত মইনা আঁচনি, যিকোনো এখনহে লাভ কৰিব পাৰিব। মন্ত্ৰী,বিধায়ক-সাংসদ সকলৰ সন্তান এই আঁচনি অন্তভুৰ্ক্ত নহ’ব।ব্যক্তিগত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়েও নাপাব এই সুবিধা। ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়িলেও লাভ কৰিব এই সুবিধা। জুলাই মাহৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ পূৰণ কৰা হ’ব আৰু এই আঁচনি সন্দৰ্ভত সজাগতামূলক সভা অনুষ্ঠিত কৰা হব। এইবাৰ ৬০ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰীসকলেও লাভ কৰিব স্কুটি। ৫০ হাজাৰ ছাত্ৰীয়ে লাভ কৰিব স্কুটি।১১ অক্টোবৰৰ পৰা মইনা নিযুত আঁচনিৰ ধন লাভ কৰিব ছাত্ৰীসকলে। আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত বিশেষ নিয়ম থাকিব।পিতৃ-মাতৃয়ে স্বাক্ষৰ কৰিব লাগিব প্ৰ-পত্ৰত। BPL-APL সকলো পৰিয়ালৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা।জুলাই মাহত প্ৰপত্ৰ সমূহ শিক্ষানুষ্ঠান সমুহত দিয়া হব। ছাত্ৰীসকলে জুন-জুলাই বাহিৰে বাকী দহ মাহ লাভ কৰিব এই আচঁনি। এই আঁচনিৰ বাবে ৩০০ কোটি টকা ব্যয়ৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। ৫ বছৰ পৰ্যন্ত চলিব এই আঁচনিখন।৫ বছৰত এই আঁচনিৰ ধনৰ পৰিমাণ ১৫০০ কোটি টকা পৰ্যন্ত বৃদ্ধি পাব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৮০০ বাগিচাৰ লাইনৰ পথ নিৰ্মাণৰ বাবে ৮০০ কোটি অনুমোদন কৰা হৈছে আজিৰ কেবিনেটত।প্ৰতিখন বাগিচাত খৰচ কৰিব ১ কোটিকৈ।প্ৰতি বছৰে ১২৬ খনকৈ বিদ্যালয় নিৰ্মাণ কৰি আছে চৰকাৰে। এতিয়ালৈ ২৫২ বিদ্যালয়ৰ পুনৰ্নিৰ্মাণৰ কাম চলি আছে। আজি আৰু ১২৬ খনৰ অনুমোদন দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয়- স্কুটি প্ৰদানৰ বাবে বৃদ্ধি পাইছে ছাত্ৰীৰ উত্তীৰ্ণ হাৰ।


বাল্য বিবাহ ৰোধৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হ’ব। ছোৱালীক নিজৰ ভৰি ওপৰত ঠিয় হব পৰাকৈ এই আঁচনিৰ পৰিকল্পনা কৰা হৈছে।কোনো শিক্ষানুষ্ঠানত যদি এই প্ৰ-পত্ৰ পোৱাৰ ক্ষেত্ৰত অসুবিধা হয় তেন্তে নিযুত মইনা পৰ্টেলত আবেদন কৰাৰ সুবিধা থাকিব। কোনো নিদিষ্ট বেংক একাউণ্টৰ নহয়, যিকোনো বেংক একাউণ্টতে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। NEETৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক যুৱ আয়োগৰ দায়িত্বত প্ৰশিক্ষণ দিয়া অৰ্থনৈতিকভাৱে পিছপৰা শিক্ষাৰ্থীয়ে NEET ত সফলতা লাভ কৰিছে। ডিব্ৰুগড়ত এলেনৰ সৈতে লগলাগি প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থীৰ ২২০ গৰাকীৰ ১৫৩ গৰাকী উত্তীৰ্ণ হৈছে।CSRL তেজপুৰতো প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে৷ নলবাৰী , শিলচৰ আৰু যোৰহাটতো আৰম্ভ কৰা হব৷ অসমৰ পাঁচটা স্থানত এই প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব। এনে কেন্দ্ৰত ডিব্ৰুগড়ত ৬০০ আৰু তেজপুৰত ১০৬ গৰাকীয়ে অধ্যয়ন কৰি আছে।

Related Articles