Breaking

তিতাবৰৰ দীপাংকৰ গগৈৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 136

দীপাংকৰ গগৈৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীৰ তদন্তৰ নির্দেশ। অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ বিষয়াই চলাব তদন্ত। অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধেও চলিব তদন্ত। ৩০ দিনৰ ভিতৰত দাখিল হ’ব তদন্তৰ প্ৰতিবেদন। সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে।

আৰক্ষীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি এই সিদ্ধান্ত লোৱাৰ অভিযোগ আনিছিল পৰিয়ালে। আলফাৰ সন্দেহত দীঘলীয়া সময় ধৰি নিৰ্যাতন কৰা বুলি অভিযোগ তুলিছিল পৰিয়ালৰ লোকে।

পিতৃৰ লগতে কান্দি কান্দি মাতৃ আৰু ভগ্নীয়েও আৰক্ষীৰ বিৰুদ্ধে কৰিছিল অভিযোগ। ৩০ দিনৰ ভিতৰত এই তদন্তৰ প্রতিবেদন দাখিল কৰিব অতিৰিক্ত মুখ্য সচিবে। তদন্তৰ আওতালৈ আহিব যোৰহাট আৰু তিতাবৰ আৰক্ষী।


Leave A Reply