Breaking

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি বিতৰ্কলৈ প্ৰত‍্যাহ্বান ভূপেন বৰা…

0 13

“অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে ১৯ এপ্ৰিলৰ আগতে অসমৰ যিকোনো ঠাইত মোৰ সৈতে মুকলি বিতৰ্কত বহক আৰু মুখ‍্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই ১৪ খন আসনতে জিকিম বুলি দম্ভালি মাৰি এতিয়া ভয়তে অৰুণোদয় আঁচনিৰ দুইনম্বৰী নকল ফ্ৰম বিলাই ফুৰিছে।” মেৰাপানীত এই মন্ত‍ব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চ আৰু কংগ্ৰেছ দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ মেৰাপানীৰ পুলিবাগান ৰঙ্গমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে কয়। উল্লেখযোগ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ ত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাৰ্থে, এপিচিচিৰ সভাপতি ভূপেন বৰা, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বকোৰ বিধায়ক নন্দিতা দাসে। বিৰোধী ঐক্যমঞ্চৰ নেতা সকলে বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কাজিৰঙাত নিৰ্বাচনী ৰণডংকা বজায়।

এই নিৰ্বাচনী সভাত কংগ্ৰেছ, ৰাইজ দল, অসম জাতীয় পৰিষদ , চি পি আইৰ লগতে বিৰোধী ঐক‍্যমঞ্চৰ নেতা কৰ্মী সকল উপস্থিত থাকে। সভাত উপস্থিত থাকি জীতেন্দ্ৰ সিঙে কয় যে, অসমত এতিয়া মাফিয়াৰাজ চলিছে।পুঁজিপতি ধনীৰ হাতত অসমৰ মাটি , অসমৰ সম্পদ আৰু অসমৰ কলা-কৃষ্টি আৰু সংস্কৃতিক বিজেপিয়ে বিক্ৰী কৰি দিছে।জাতি-মাটি-ভেটি শ্ল’গানেৰে শাসনলৈ আহি যোৱা দহ বছৰে নৰেন্দ্ৰ মোডী চৰকাৰে কি পৰিবৰ্তন কৰিলে বুলি তীব্ৰ ভাষাৰে মোডী চৰকাৰৰ কাৰ্যকলাপক সমালোচনা কৰে। ইফালে বিৰোধী ঐক‍্যৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভাষণত কয় যে, এতিয়া মোডীক বিদায় দিয়াৰ সময়, বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক চালানী আৰু অচিন কাঠৰ থোৰা। তেওঁ লগতে তাছাক ফুটবলৰ লগত তুলনা কৰি, বিজেপিয়ে চাহ জনজাতি লোকক বঞ্চিত কৰা বুলি মন্তব্য কৰে। কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ পদুম ফুল এইবাৰ ফুলাব নালাগে বুলি কৈ ইংৰাজীত ৰ’জ মানে গোলাপ ফুল আৰু ৰ’জলীনা তিৰ্কীক ভোট দি পদুমৰ পৰিৰ্বতে গোলাপ ফুল ফুলাবলৈ আহ্বান ভূপেন বৰাৰ।পুলিবাগান ৰঙ্গমঞ্চত আয়োজিত কাজিৰঙা লোকসভা সমষ্টিত তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰি বিৰোধী ঐক‍্যমঞ্চৰ নেতৃবৰ্গক উৎফুল্লিত কৰা পৰিলক্ষিত হয়।

Leave A Reply