Breaking

কৰ্ণাটকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এন আৰ চিৰ প্ৰসংগ

0 70

“দেশজুৰি এন আৰ চিৰ প্ৰয়োজন”- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বিজেপিৰ ইস্তাহাৰক প্ৰশংসা কৰি এই মন্তব্য কৰে।

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰত বিজেপিয়ে ৰাজ্যত এন আৰ চি ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিয়ে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এন আৰ চি কেৱল এখন বিশেষ ৰাজ্যতে সীমাবদ্ধ থাকিব নালাগে।

এন আৰ চি দেশজুৰি ৰূপায়ণ কৰিব লাগে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

তদুপৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইউনিফৰ্ম চিভিল কোড (ইউচিচি) কাৰ্যকৰী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘ইউনিফৰ্ম চিভিল কোড (ইউচিচি) ৰূপায়ণে মুছলমান মহিলাৰ লিংগ ন্যায় আৰু সম অধিকাৰ সুনিশ্চিত কৰিব।

অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘কৰ্ণাটক বিজেপিয়ে অতি সাহসী প্ৰতিশ্ৰুতি দিছিল আৰু ই সমগ্ৰ দেশতে ইউচিচি ৰূপায়ণৰ বাবে দেশজোৰা দাবীৰ সূচনা কৰিব।”

উল্লেখযোগ্য যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে দিয়া ইস্তাহাৰত ইউচিচি আৰু এনআৰচি ৰূপায়ণকে ধৰি বহু প্ৰতিশ্ৰুতি দিয়ে।

Leave A Reply