Breaking

নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 64

দেওবাৰে নিশা গুৱাহাটীৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পৰিভ্ৰমণ কৰি মুখ্য়মন্ত্ৰীয়ে বিভিন্ন সমস্যাসমূহ, বিশেষকৈ ষ্ট্ৰীট লাইটৰ সমস্যাটোৰ বুজ লয়। যিবোৰ ৰাস্তাত পৰ্যাপ্ত বা কোনো ষ্ট্ৰীট লাইট নাই, সেইবোৰত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তদুপৰি ইয়াৰ লগতে মহানগৰীত চলি থকা বিভিন্ন কামৰ অগ্ৰগতিৰ বুজ লয়।

মহানগৰীত চলি থকা উৰণ সেতু নিৰ্মাণৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব বুলি কয় মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালত সতীৰ্থ মন্ত্ৰী শ্ৰীঅশোক সিংহল, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো সংগ দিয়ে ।

Leave A Reply