বিশ্বনাথৰ জিনজিয়াকে ধৰি তিনিখন চাহ বাগিছাত মুখ্যমন্ত্ৰীয়ে  মুকলি কৰিলে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

বৃহস্পতিবাৰে বিশ্বনাথৰ বিহালী সমষ্টিৰ জিনজিয়াকে ধৰি তিনিখন  চাহ বাগিছাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰে।

বিহালীৰ জিনজিয়া চাহ বাগিছা আদৰ্শ  উচ্চ মাধ্যমিক বিদ্যালয়, কেটেলা চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু  বিশ্বনাথৰ পাভৈ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াৰে পৰা চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ পোহৰ পাবলৈ দুৰলৈ বাটকুৰি বাব নালাগিব বুলি ব্যক্ত কৰে ।

লগতে ইতিমধ্য  ৰাজ্যত চাহ বাগিছা সমুহত ১১৯ খন আদৰ্শ বিদ্যালয়  হৈছে আৰু অনাগত দিনবোৰত আৰু ১০০ খন আদৰ্শ  বিদ্যালয় হ’ব বুলিও  জানিবলৈ দিয়ে। জিনজিয়া চাহ বাগিছা আদৰ্শ মাধ্যমিক বিদ্যালয় মুকলি অনুষ্ঠানত আদৰণি ভাষণত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বৰ্তমানৰ চৰকাৰে চাহ বাগিছাৰ উণ্ণয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে।

এই অনুষ্ঠান সমূহত মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, গহপুৰ,বিহালী আৰু বিশ্বনাথৰ বিধায়ক উৎপল বৰা, ৰণ্জিত দত্ত আৰু প্ৰমোদ বৰঠাকুৰে ও অংশ গ্ৰহণ কৰে।

Related Articles