Breaking

মৰিগাঁৱত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

0 49

জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা অব্যাহত ৰাখি ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পসমূহৰ ভিতৰত আছে মৰিগাঁৱত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, জাগীৰোডত মিনি ক্ৰীড়া প্ৰকল্প, মানিপুৰ আঞ্চলিক ক্ৰীড়া সন্থা খেলপথাৰত মিনি ষ্টেডিয়াম, মৰিগাঁও চৰকাৰী পলিটেকনিকখনক এক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ, বনপাৰাত অৱস্থিত চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ, বসুন্ধৰী পাহাৰৰ পৰা কিলিং কপিলী সংযোগস্থলীলৈ মথাউৰিৰ ওপৰেৰে পথ, ধিঙৰ পৰা হিলৈখুণ্ডালৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰৰে পথ, শ’লমাৰী গাঁৱৰ পৰা ওজাগাঁৱলৈ মথাউৰিৰ ওপৰেৰে পথ, জাগীৰোড-মৰিগাঁও সংযোগী পথৰ ভকতগাঁৱত কপিলী নৈৰ ওপৰত আৰ চি চি দলং, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত মূৰকাটাত খহনীয়া প্ৰতিৰোধী ব্যৱস্থা, পাভকাটি/গৰুবন্ধা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থা, মোৱামাৰীত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী ব্যৱস্থাৰ লগতে মথাউৰি।এই প্ৰকল্পসমূহৰ জৰিয়তে মৰিগাঁও জিলাবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ অসম চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে। ১২ ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ হ’ব আৰু মৰিগাঁও জিলাত নতুনকৈ প্ৰায় ১৮হাজাৰ হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব। ৰেচন কাৰ্ড থকা লোকক বছৰি ৫ লাখ টকা পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ সুবিধা প্ৰদান কৰা হ’ব। মৰিগাঁৱত নতুনকৈ ৫ হাজাৰ লোকে ৰেচন কাৰ্ড লাভ কৰিব।

অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্ত, পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, মাননীয় বিধায়কসকল ৰমাকান্ত দেউৰী,শশীকান্ত দাস, ড° আচিফ মহম্মদ নাজৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰকে ধৰি জিলা প্ৰশাসনৰ বিষয়াসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply