শোণিতপুৰত ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান মুখ্যমন্ত্ৰী সোনোৱালৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত কালি ২৩ ফেব্ৰুৱাৰীত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই অনুষ্ঠানতে জিলাখনৰ ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ লগতে  জিলাখনৰ আত্মসহায়ক গোটসমূহক ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই মহিলা আত্মসহায়ক গোটসমূহে ৰাজ্যখনক অৰ্থনৈতিক দিশত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles