Breaking

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ।

0 2,069

‘অভিনয় ডাঙৰ কথা নহয়,উজু কথা। কেৱল অনুসৰণ কৰিব পাৰিব লাগিব।’- এই মন্তব্য বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ ।

আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতাজনে। ইপিনে মহাবিদ্যালয় কৰ্তৃপক্ষৰহৈ এই বঁটা প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে-যি কোনো বিষয়ত আগলৈ যোৱাৰ মানসিকতা থাকিব লাগে।আগলৈ যোৱাৰ মানসিকতা নাথাকিলে সফল হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, ‘এতিয়া প্ৰতিযোগিতাৰ সময়। এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ সময়ত সকলোৱে আগুৱাই যোৱাৰ, প্ৰথম স্থান দখল কৰাৰ মানসিকতা গঢ় লৈছে। ছাত্র-ছাত্ৰী সকলে এই কথা অনুধাৱন কৰিব লাগিব।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া ভাষাক উজ্জীৱিত কৰা মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰে । সভাত আদৰণী ভাষন প্ৰদান কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভাগৱতীয়ে। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা এই বঁটাত আছে গামোচা, চেলেং, শৰাই, মানপত্ৰ, কিতাপৰ টোপোলা, স্মাৰক আৰু ধন।

সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম বৈদ্য, অধ্যাপক অৰিন্দম বৰকটকী,জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ উপস্থিত থাকে ।

Leave A Reply