ভাদ মাহ উপলক্ষে ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা…

পবিত্ৰ ভাদ মাহত ভগৱন্তৰ ওচৰত আশীষ লোৱাৰ উদ্দেশ্য আজি গোলাঘাটৰ ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত প্ৰথমবাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ পত্নী তথা নিউজ লাইভ চেনেলৰ পৰিচালক সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা ।

ভাদ মাহ উপলক্ষে আগমন হোৱা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ লগতে পুৱাৰ নাম প্ৰসংগত অংশ লয় মুখ্যমন্ত্ৰীৰ পত্নী গৰাকীয়ে । সাংবাদিকৰে হোৱা সাক্ষাৎত তেওঁ এই এই জয়াল ধৰ্মীয়স্থলীত উপস্থিত হৈ যথেষ্ট আপ্লুত হোৱা বুলি উল্লেখ কৰি নামঘৰভাগিৰ অধিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে ।

আজি এই ভ্ৰমণসূচীত মুখ্যমন্ত্ৰীৰ পত্নীক সংগ দিয়া বিধায়িকা তথা মন্ত্ৰী অজন্তা নেওগেও বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নামঘৰৰ ভোগঘৰৰ লগতে অন্যান্য আন্ত:গাঁঠনিৰ বাবে ২ কোটি টকা আগবঢ়োৱা বুলি উল্লেখ কৰি ভাদ মাহৰ পিছতেই এই অনুদানেৰে নামঘৰৰ বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰিব বুলি উল্লেখ কৰে ।

Related Articles