Breaking

ওদালগুৰি জিলাত শিশু শ্ৰমিক উদ্ধাৰ অভিযান

0 50

শিশু শ্ৰমিক উদ্ধাৰ মাহ উপলক্ষে বুধবাৰে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিশু সুৰক্ষা সমিতি, শিশু কল্যান সমিতি, চাইল্ড লাইন, ৰ’জ এন জি অ, চত্ৰ এন জি অৰ সহযোগত ওদালগুৰি জিলাৰ ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত শিশু শ্ৰমিক উদ্ধাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

জিলা খনৰ ওদালগুৰি, হৰিছিঙা,মাজবাট, কলাইগাওঁ, খৈইৰাবাৰী ৰাজ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লগতে টংলা, ভেৰগাও, ডিমাকুচিৰ চহৰৰ বিভিন্ন দোকানে দোকানে চক্ৰ বিষয়াৰ লগতে শিশু সুৰক্ষা কৰ্মী সকলে গৈ উদ্ধাৰ অভিযান চলাই।

লগতে মালিক পক্ষক শিশু শ্ৰমিক নাৰাখিবলৈ সতৰ্ক কৰি দিয়া হয় আৰু বাৰাইজক সজাগ সচেতন কৰা হয়,যাতে শিশু শ্ৰমিক বন্ধ হয়।

-অৰূপ বড়ো, টংলা

Leave A Reply