Child UTI: আপোনাৰ শিশুটিয়ে বিচনাতে প্ৰস্ৰাৱ কৰে নেকি? ইয়াৰ আঁৰৰ কাৰণ জানি লওক…

প্ৰস্ৰাৱৰ সংক্ৰমণৰ (UTI) সমস্যা যিকোনো ব্যক্তিৰ হ’ব পাৰে। কিন্তু পুৰুষ আৰু ল’ৰাতকৈ মহিলা আৰু ছোৱালীৰ ক্ষেত্ৰত এই সংক্ৰমণ বেছি।(Child UTI)

ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (এন এইচ এছ)ৰ তথ্য অনুসৰি শিশুৰ প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI) বেছিভাগেই পাচনতন্ত্ৰৰ পৰা ইউৰিয়া (মূত্ৰনলী)ত বেক্টেৰিয়া প্ৰৱেশ কৰাৰ ফলত হয়। ইয়াৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল শৌচ কৰাৰ পিছত ব্যক্তিগত অংগসমূহ সঠিকভাৱে পৰিষ্কাৰ নকৰা। কেঁচুৱাৰ ক্ষেত্ৰত বেক্টেৰিয়া থকা তেওঁলোকৰ মলৰ সৰু সৰু কণাবোৰে ইউৰিয়াত গৈ সংক্ৰমণ বিয়পাই দিয়ে।

শিশুৰ UTI ৰ লক্ষণ-

প্ৰস্ৰাৱ কৰাৰ সময়ত কান্দোন বা অস্বস্তি
নিয়ন্ত্ৰণ হেৰুৱাই বিচনাতে প্ৰস্ৰাৱ কৰা
কোনো স্পষ্ট কাৰণ নোহোৱাকৈ জ্বৰ হোৱা
গাঢ় ৰঙৰ বা দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱ
পেটৰ তলৰ অংশত বিষ
খোৱা-বোৱা কমি যোৱা

প্ৰতিৰোধমূলক ব্যৱস্থা-

  • শিশুক নিয়মীয়াকৈ প্ৰস্ৰাৱ কৰিবলৈ দিব।
  • শিশুৰ ব্যক্তিগত অংগৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি ইউটিআইৰ আশংকা হ্ৰাস কৰিব পাৰে।
  • শিশুক টাইট ফিটিং আণ্ডাৰগাৰ্মেণ্ট পিন্ধিবলৈ নিদিব।
  • শৰীৰৰ পৰা শৰীৰৰ আৱৰ্জনা আঁতৰাবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। এনে অৱস্থাত শিশুক প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ তৰল পদাৰ্থ দিব লাগে। ইয়াৰ লগতে শিশুসকলক সুষম আহাৰ খাবলৈ দিব আৰু জাংক ফুড পৰিহাৰ কৰাব।
  • ডায়েপাৰ সলনি কৰাৰ সময়ত সন্মুখৰ পৰা পিছলৈ পৰিষ্কাৰ কৰিব। বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত অতি সাৱধান হ’ব।

Related Articles