Breaking

শিশু, নাবালকে মাত্ৰ দুঘণ্টাহে ব্যৱহাৰ কৰিব পাৰিব স্মাৰ্টফোন। স্মাৰ্টফোন ব্যৱহাৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা…

0 57


চীনত শিশুসকলৰ মাজত স্মাৰ্টফোন ব্যৱহাৰৰ নিচা বৃদ্ধি পাইছে। যাৰ বাবে চৰকাৰ চিন্তিত হৈ পৰিছে। এনে পৰিস্থিতিত নাবালক আৰু শিশুৰ বাবে আইন প্ৰণয়নৰ কথা চিন্তা কৰা হৈছে। বৰ্তমান সময়ত স্মাৰ্টফোন সাধাৰণ মানুহৰ প্ৰয়োজন হৈ পৰিছে। স্মাৰ্টফোন ব্যৱহাৰ কৰি আমি ঘৰতে বহি বহু গুৰুত্বপূৰ্ণ কাম সহজে কৰিব পাৰো। মুঠৰ ওপৰত স্মাৰ্টফোনৰ সঠিক ব্যৱহাৰ আমাৰ সকলোৰে বাবে অতি উপকাৰী। আনহাতে ইয়াৰ আনটো দিশ হ’ল স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ বাবে স্মাৰ্টফোন অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে। এই সমস্যাৰ প্ৰতি চিন্তিত হৈ পৰিছে চীনত অভিভাৱকসকল। যাৰ বাবে এতিয়া চীনত নতুন ধৰণৰ আইন প্ৰণয়নৰ প্ৰস্তুতি চলাইছে।

চীনৰ চাইবাৰ স্পেচ ৰেগুলেটৰ (CAC)ই বুধবাৰে কয় যে শিশুসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিব লাগে। নিয়ন্ত্ৰকে শিশুসকলক ফোন সৰ্বাধিক দুঘণ্টা ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। চীনৰ চাইবাৰ স্পেচ এডমিনিষ্ট্ৰেচনে প্ৰকাশ কৰিছে যে শিশুৰ ফোন ব্যৱহাৰৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে। এনে পৰিস্থিতিত শিশুসকলে দিনটোত দুঘণ্টাৰ বাবেহে ফোন ব্যৱহাৰ কৰিবলৈ দিয়া হয়। চিএচিয়ে দিয়া পৰামৰ্শ অনুসৰি ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰৰ নাবালকৰ বাবে স্মাৰ্টফোন ব্যৱহাৰৰ সময়সীমা দুঘণ্টা নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ আঠৰ পৰা ১৬ বছৰৰ ভিতৰৰ শিশুৰ বাবে এঘণ্টাৰ সীমা আৰোপ কৰিব লাগে, আনহাতে আঠ বছৰৰ তলৰ শিশুৰ বাবে মাত্ৰ আঠ মিনিটৰ সীমা আৰোপ কৰিব লাগে।

CAC য়ে সেৱা প্ৰদানকাৰী কোম্পানীসমূহক নিজৰ আত্মীয়ক সময়সীমা নিৰ্ধাৰণৰ অধিকাৰ দিবলৈ অনুৰোধ জনাইছে। চাইবাৰ স্পেচ ৰেগুলেটৰৰ এই পৰামৰ্শৰ পিছত এই সন্দৰ্ভত চৰকাৰে কোনো নিয়ম বনাব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।

Leave A Reply