Breaking

বাৰ্মিংহামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টত খেলিব অসমৰ দৃষ্টিহীন খেলুৱৈ চিমু দাসে

0 88

অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেটৰ ক্ষেত্ৰখনলৈ সুখবৰ। প্ৰতিবন্ধকতা নেওচি দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমীয়া ছোৱালী ক্ৰিকেটাৰ। অসমৰ এগৰাকী দৃষ্টিহীন মহিলা খেলুৱৈয়ে বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া ইণ্টাৰনেশ্যনেল ব্লাইণ্ড স্প’ৰ্টছ ফেডাৰেচন ৱৰ্ল্ড গেমছ, ২০২৩ ত খেলাৰ সুযোগ লাভ কৰিছে।

ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাই প্ৰকাশ কৰা মতে ইতিমধ্যে বাৰ্মিংহামত অহা ১৮ আগষ্টৰ পৰা ২৭ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ভাৰতীয় মহিলা দলটো সাজু হৈ উঠিছে। অতি সৌভাগ্যৰ কথা যে দলটোত বি-ৱান শাখাত নগাঁৱৰ কঠীয়াতলিৰ কছাৰীগাঁৱৰ জীয়ৰী চিমু দাসো আছে।

বিশ্ব ক্ৰীড়াংগণত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰা দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত তেনেই নতুন ভাৰতীয় দলৰ হৈ অসমৰ এগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিতভাৱে এটা ইতিবাচক খবৰ। দৃষ্টিহীন ক্ৰিকেটৰ ক্ষেত্ৰখনত কাম কৰি থকা অসমৰ একমাত্ৰ বেচৰকাৰী সংস্থা তথা অসমত দৃষ্টিহীন ক্ৰিকেটৰ আহ্বায়ক কেয়াৰ ইউ ৩৬৫ ৰ সমৰ্থন আৰু সহযোগিতাত চিমুৱে ভাৰতীয় দলৰ আন খেলুৱৈসকলৰ দৰেই এতিয়া কঁকালত টঙালি বান্ধিছে।

পূৰ্বে ৰাজস্থান দলৰ বাবে খেলা চিমুৱে ভাৰতীয় দলটোৰ হৈ ইয়াৰ পূৰ্বে নেপালত এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত ভাগ লৈ চিমুৱে প্লেয়াৰ অৱ দ্য মেচ আৰু প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান বুটলিবলৈও সমৰ্থ হৈছিল। চিমুৱে প্ৰতিযোগিতাত ভাল ফল প্ৰদৰ্শন কৰি যাতে ভাৰত তথা অসমৰ নাম উজলাবলৈ সক্ষম হয় তাৰ বাবে ৰাজ্যবাসীয়ে আশীষ কামনা কৰিছে।

উল্লেখ্য যে ১৬ জনীয়া ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলটোত বি-ৱান আৰু বি-থ্ৰি শাখাত ৬ গৰাকী আৰু বি-টু শাখাত ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে । ভাৰতীয় দৃষ্টিহীন ক্ৰিকেটৰ মহিলা আৰু পুৰুষ উভয় দলেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

Leave A Reply