Breaking

চীনে নির্মাণ কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ

0 1,546

উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশৰ সীমান্তলৈ বুলেট ট্রেইন আৰম্ভ কৰাৰ দুদিন পাছতেই চুবুৰীয়া ৰাষ্ট্র চীনে ভাৰতক উদ্বিগ্ণ কৰি তুলি মুকলি কৰিলে বিশ্বৰ দ্বিতীয় বৃহত্তম জলবিদ্যুৎ বান্ধ৷ পৰিৱেশ বিধ্বস্ত হোৱাৰ সকীয়নি প্রদান কৰাৰ পাছতো চীনে কার্বন নির্গমন হ্রাস কৰাৰ লক্ষ্যৰে জলবিদ্যুৎ বান্ধ মুকলি কৰি চুবুৰীয়া দেশ ভাৰতৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ সীমান্তত সেনাৰ জৰিয়তে উত্তেজনা অব্যাহত ৰখা বেইজিঙে এইবাৰ জলক দিল্লীৰ বিৰুদ্ধে অস্ত্র হিচাপে ব্যৱহাৰ কৰাৰ কূটকৌশল সাজু কৰি তুলিছে৷ চীনৰ চৰকাৰী সংবাদ মাধ্যমত প্রকাশ পোৱা মতে সোমবাৰে পুৱাৰে পৰা চীনৰ দক্ষিণ–পশ্চিমত নির্মাণ কৰা ২৮৯ মিটাৰ উচ্চতাৰ বাইহেটান জলবিদ্যুৎ কেন্দ্রটো কার্যক্ষম কৰা হয়৷

এই জলবিদ্যুৎ কেন্দ্রটোৰ পৰা ১৬ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ ক্ষমতা আছে৷ এটা বছৰত ৫ লক্ষাধিক লোকক এই বিদ্যুতেৰে সেৱা আগবঢ়াব৷ তথ্য মতে চীনৰ জিনছা আৰু দেশখনৰ দীর্ঘতম নদী ৱাংজেৰ ওপৰ ভাগত এই বান্ধটো নির্মাণ কৰা হৈছে৷ এই বান্ধটো নির্মাণত ব্যয় হৈছে ৩৪ বিলিয়ন মার্কিন ডলাৰ৷ পৰিৱেশবিদৰ সকীয়নিৰ পাছতো চীন চৰকাৰে নির্মাণ কৰা বান্ধটো য়ুনান আৰু ছিজুৱান প্রদেশৰ মাজত অৱস্থিত৷ গুৰুত্বপূর্ণ এই অঞ্চলটো অতিকে ভূমিকম্পপ্রৱণ৷

চীনত অসমৰ ব্রহ্মপুত্রৰ উপৰি ভাগক য়াৰলুং ছাংপ’ হিচাপে জনা যায়৷ বিশ্বৰ অন্যতম দীর্ঘতম নদী য়াৰলুং ছাংপ’ হিমালয়ৰ তিব্বতৰ পৰা আৰম্ভ হৈ ভাৰতৰ অৰুণাচল প্রদেশ, পিছলৈ অসমেৰে বাংলাদেশেৰে বৈ গৈ বংগোপসাগৰত পৰে৷ য়াংজে নদীত জলবিদ্যুৎ বান্ধ নির্মাণ কৰি চীনে বিদ্যুৎ উৎপাদন আৰম্ভ কৰাৰ লগে লগে উক্ত অঞ্চলত পৰিৱেশৰ ওপৰত প্রচণ্ড প্রভাৱ পৰিব আৰু এই নেতিবাচক প্রভাৱ ব্রহ্মপুত্রৰ ওপৰত পৰাৰো সম্ভাৱনা আছে৷ এনে হ’লে উত্তৰ–পূর্বাঞ্চলৰ লগতে বাংলাদেশৰ বাবেও বান্ধটোৱে অশনি সংকেত নমাই আনি পৰিৱেশ বিঘ্ণিত কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

Leave A Reply