China: বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে?

এখন দেশৰ সামৰিক কাৰ্যকলাপৰ(China)পৰা আৰম্ভ কৰি সংস্কৃতিলৈকে, আনকি বিদেশৰ পৰ্যটকৰ আচৰণ, দেশৰ ভিতৰত যিকোনো ধৰণৰ উত্তেজনা আৰু মানৱ অধিকাৰ উলংঘাৰ দ্বাৰা এখন দেশৰ সুনাম প্ৰভাৱান্বিতহয়৷ শেহতীয়াকৈ ৱল্ডৰ্ পপুলেচন ৰিভিউৰ এক প্ৰতিবেদনৰ ভিত্তিত নিউজউইকে এখন তালিকা প্ৰকাশ কৰিছে য’ত দেখা গৈছে যে বিশ্বৰ কোনবোৰ দেশক মানুহে বেছি ঘৃণা কৰে৷

এই তালিকাৰ শীৰ্ষত আছে চীন, পাকিস্তান, ইৰাণ বা ইৰাক ৷ দুখৰ বিষয় এই তালিকাত ভাৰতো দশম স্থানত আছে৷ এই তালিকাৰ শীৰ্ষত আছে চীন৷ কাৰণ ইয়াৰ স্বৈৰাচাৰী শাসন, চেঞ্চৰশ্বিপ, পৰিৱেশৰ ক্ষতি আৰু উইঘুৰ মুছলমানসকলৰ প্ৰতি থকা ব্যৱহাৰ৷ ইয়াৰ উপৰি হংকং, টাইৱান আৰু মাকাউৰ স্বাধীনতাৰ ক্ষেত্ৰত চীনৰ কঠোৰ নীতিয়ে বিশ্বজুৰি চীনৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে৷ এই তালিকাত দ্বিতীয় স্থানত আছে আমেৰিকা৷

বিশ্বজুৰি ট্ৰাম্পৰ দেশখনক ‘ছুপাৰপাৱাৰ’ মানসিকতা, অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি আকাংক্ষা আৰু কেতিয়াবা আন দেশৰ প্ৰতি হস্তক্ষেপ কৰা মনোভাবৰ বাবে সকলোৱে ঘৃণা কৰে৷ এই ৰেংকিঙত ৰাছিয়া তৃতীয় স্থানত আছে৷ ইউক্ৰেইনৰ যুদ্ধ আৰু গণতান্ত্ৰিক অধিকাৰৰ ওপৰত নিষেধাজ্ঞাৰ বাবে পুটিনৰ দেশখন তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷

এই শীৰ্ষ দহখন দেশৰ তালিকাত উত্তৰ কোৰিয়া, পাকিস্তান, ইৰাণ, ইৰাক, ছিৰিয়া, ইজৰাইল আদি দেশকো অন্তৰ্ভুক্ত কৰা হৈছে৷ তেওঁলোকৰ বিৰুদ্ধে ঘৃণাৰ কাৰণ হ’ল স্বৈৰাচাৰী শাসন, ধৰ্মীয় উগ্ৰবাদ, সামৰিক সংঘাত আৰু মানৱ অধিকাৰ উলংঘা৷ পেলেষ্টাইনৰ সংঘাতৰ বাবে ইজৰাইলক লক্ষ্য কৰি লোৱা হৈছে৷ আনহাতে, আভ্যন্তৰীণ অস্থিৰতা আৰু সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া বাবে পাকিস্তানকো তালিকাত ৰখা হৈছে৷

Related Articles