Chinese foreign minister to visit India: ভাৰত ভ্ৰমণ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ

ড’নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধৰ (Chinese foreign minister to visit India) বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্কত উত্তেজনা অব্যাহত আছে৷ সেই পৰিৱেশত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ী নতুন দিল্লীত উপস্থিত৷ (Wang Yi ) সোমবাৰে তেওঁ দুদিনীয়া ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত হয়৷ সূত্ৰ অনুসৰি চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব পাৰে৷ গালোৱান সংঘৰ্ষৰ পিছত সীমান্তত আৰু কিছু আস্থা গঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈছে ভাৰত আৰু চীন৷ এই বিষয়ে ড’ভাল-ৱাং বৈঠকত আলোচনা হ’ব পাৰে৷ সূত্ৰসমূহে দাবী কৰিছে যে দুয়োখন দেশৰ প্ৰতিনিধিয়ে সীমান্ত কেনেকৈ স্থায়ীভাৱে শান্তিপূৰ্ণ কৰিব পাৰি সেই বিষয়ে কথা পাতিব পাৰে৷ এক সূত্ৰই দাবী কৰিছে যে চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত ভাৰতে ক’ব যে ২০২০ চনত পূব লাডাখৰ সংঘাতৰ সময়ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গাতে লাগি থকা অঞ্চলত সমবেত হোৱা ৰঙা সেনাবাহিনী অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে৷

এতিয়াও অতিৰিক্ত ৰ লাখ সৈন্য নিয়োগ কৰাৰ খবৰ পোৱা গৈছে, যিটো দক্ষিণ ব্লকৰ বাবে মূৰৰ বিষ৷ কূটনৈতিক সূত্ৰই প্ৰকাশ কৰিছে যে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি কিছু পৰিমাণে নিৰ্ভৰ কৰে ভাৰতৰ অনুৰোধৰ প্ৰতি চীনে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ ওপৰত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ শেষৰ ফালে চীনলৈ গৈ এছচিঅ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব৷ তাত তেওঁ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰাৰ কথা৷ সেই বৈঠকৰ ভেটি ৱাং য়ি আৰু ড’ভালৰ মাজত হোৱা বৈঠকত স্থাপন হোৱাৰ সম্ভাৱনা আছে৷ উত্তৰাখণ্ডৰ লিপুলেখ পাছ, হিমাচল প্ৰদেশৰ শিপকী লা আৰু ছিকিমৰ নাথু লাৰ জৰিয়তে পুনৰ বাণিজ্যৰ কথা চিন্তা কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰে৷ চীনৰ ৰাষ্ট্ৰপতি চি জিনপিঙৰ প্ৰশাসনেও সীমান্ত বাণিজ্যিক আলোচনাক লৈ ইতিবাচক বুলি প্ৰকাশ কৰিছে৷ বৃহস্পতিবাৰে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে দুয়োখন দেশৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱনৰ মান উন্নত কৰাৰ বাবে সীমান্ত বাণিজ্য গুৰুত্বপূৰ্ণ৷

Related Articles