Cholesterol: ৫টা ক’লা বস্তু খালে এল ডি এল কলেষ্টেৰল হ্ৰাস পায় !

খাদ্যৰ সহায়ত এল ডি(Cholesterol) এল কলেষ্টেৰল সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। এল ডি এল কলেষ্টেৰল সহজে নিয়ন্ত্ৰণ কৰিবলৈ আপুনি খাব লাগিব ৫টা ক’লা বস্তু, আপুনি কলেষ্টেৰলৰ লক্ষণ দেখাৰ লগে লগে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব এই পাঁচটা খাদ্য।

এল ডি এল কলেষ্টেৰল প্ৰাকৃতিকভাৱে তেজত থাকে। কিন্তু ইয়াৰ পৰিমাণ বৃদ্ধি হোৱাটো চিন্তাৰ বিষয়। উচ্চ মাত্ৰাত এল ডি এল কলেষ্টেৰল থাকিলে ৰাতি অত্যধিক ক্লান্তি, দুৰ্বলতা, বুকুৰ বিষ, হাত-ভৰি জিনজিননি, পেশীৰ বিষ , চকুৰ ওচৰত হালধীয়া চৰ্বি জমা হোৱা আদি লক্ষণ দেখা দিব পাৰে।

এল ডি এল কলেষ্টেৰল বৃদ্ধিৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। সময়মতে নিয়ন্ত্ৰণ নকৰিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ ফলত অকাল মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে ইয়াত আমি আপোনালোকক এনে ৫টা ক’লা খাদ্যৰ বিষয়ে কম, যিবোৰ নিয়মীয়াকৈ খালে আপুনি ধমনীত উপস্থিত থকা লেতেৰা চৰ্বিবোৰ সহজেই পৰিষ্কাৰ কৰিব পাৰে-

ক’লা মাহ, ক’লা মাহত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰ’টিন আৰু এন্টিঅক্সিডেন্ট থাকে। এইবোৰে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। এইবোৰ খালে হজম শক্তিও শক্তিশালী হয়, যাৰ বাবে শৰীৰ সহজে বিষমুক্ত হয়।

ক’লা জামু, ব্লেকবেৰীত এন্থ’চাইনিন থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মীয়াকৈ ব্লেকবেৰী খালে এল ডি এল কলেষ্টেৰল হ্ৰাস পায় আৰু লগতে ৰক্তচাপ নিয়ন্ত্ৰণ হয়।

ক’লা তিলত থকা চেচামোলিনে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু লগতে কলেষ্টেৰল হ্ৰাস কৰে। ক’লা তিলত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড পোৱা যায় যিবোৰ হৃদৰোগ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

ক’লা আঙুৰত ৰেচভেৰাট্ৰল পোৱা যায়, যাৰ ফলত তেজ জমা হোৱাৰ প্ৰক্ৰিয়াটো ৰোধ কৰা হয়। লগতে এল ডি এল কলেষ্টেৰলৰ মাত্ৰাও কমায়। ক’লা আঙুৰৰ ৰস বনাই খাব পাৰে।

‘ব্লেক ৰাইচ’ বুলিও জনাজাত ক’লা চাউলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থাকে। এই ভাত খালে এল ডি এল কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

Related Articles